বাক্সা আৰক্ষীয়ে জ্বলালে 2,026 কিলোগ্ৰাম বাৰ্মিজ চুপাৰি

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 6:58 PM IST

thumbnail

বাক্সা, 29 নবেম্বৰ : বাক্সাত অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক তৎপৰতা ৷ এইবাৰ বাক্সা আৰক্ষীয়ে জ্বলাই দিলে 2,026 কিলোগ্ৰাম জব্দকৃত বাৰ্মিজ চুপাৰি ৷ 2022 চনৰ আগষ্ট মাহত বৰমা আৰক্ষীয়ে জব্দ কৰিছিল এই বৃহৎ পৰিমাণৰ চুপাৰিখিনি ৷

চুপাৰি সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল 9 টাকৈ সৰবৰাহকাৰী ৷ উল্লেখ্য যে এই বাৰ্মিজ চুপাৰিখিনি হাইলাকান্দিৰ পৰা বৰপেটালৈ সৰবৰাহ কৰাৰ সময়তে 31 নং ৰাষ্ট্ৰীয় ঘাইপথত বৰমা আৰক্ষীয়ে জব্দ কৰিছিল ৷ বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই জানিবলৈ দিয়া মতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি জব্দকৃত বাৰ্মিজ চুপাৰিখিনি বুধবাৰে মৰাপাগলদিয়া নদীৰ পাৰত জ্বলাই দিয়া হয় ৷ 

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ এই অভিয়ানত বিভিন্ন সময়ত জব্দ হৈছে অবৈধভাৱে সৰবৰাহ কৰা বাৰমিজ চুপাৰি ৷

লগতে পঢ়ক : বন্দুকৰ গুলীৰে বিয়া ঘৰত আদৰণি জনালে অভ্যাগতক, চাঞ্চল্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.