Burmese supari seized : কাটিগড়াত বাৰ্মিজ চুপাৰী ভৰ্তি গাড়ী জব্দ

By

Published : Apr 7, 2023, 2:03 PM IST

thumbnail

কাছাৰ, 7 এপ্ৰিল :  কাছাৰ জিলাৰ কাটিগড়াত বাৰ্মিজ চুপাৰী ভৰ্তি গাড়ী জব্দ । বুধবাৰে গোপন তথ্যৰ ভিত্তিত গভীৰ নিশা মোহনপুৰ টিকাৰপাৰাত আৰক্ষীয়ে অভিযান চলায় এখন বাৰ্মিজ চুপাৰী ভৰ্তি গাড়ী জব্দ কৰে । অৱশ্যে বাৰ্মিজ চুপাৰীৰ সৈতে জড়িত কোনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই (Burmese supari seized in Katigorah) । 

কাটিগড়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱকুমাৰ শইকীয়াই জানিবলৈ দিয়া মতে, ৫১ টা বাৰ্মিজ চুপাৰীৰ বেগ উদ্ধাৰ কৰা হৈছে । বৰ্তমান জব্দ কৰা বাৰ্মিজ চুপাৰীসহ গাড়ীখন কাটিগড়া থানাৰ জিম্মাত আছে । কাটিগড়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ( Katigorah police station) ৷

লগতে পঢ়ক : Assam Flood Relief Fund: বান সাহাৰ্যৰ বাবে বিচৰা ৩,০৩৮ কোটি টকাৰ বিপৰীতে কেন্দ্ৰই অসমক দিলে মাত্ৰ ৮৯৯ কোটি টকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.