40 হাল ম'হৰ যুঁজত কঁপিল ৰহাৰ দেওবালি পথাৰ - আঁহতগুৰিৰ ম’হ যুঁজ
🎬 Watch Now: Feature Video
Published : Jan 17, 2024, 2:29 PM IST
ৰহা, 17 জানুৱাৰী : ভোগালী বিহুৰ উন্মাদনাত বিলীন ৰাজ্যবাসী । ৰাজ্যত অনুষ্ঠিত হৈছে মাঘ বিহুৰ পৰম্পৰাগত ম'হযুঁজ । আঁহতগুৰিৰ সমান্তৰালকৈ ৰহাৰ দেওবালিতো এইবেলি অনুষ্ঠিত হ'ল পহিলা মাঘৰ পৰম্পৰাগত ম'হযুঁজখন । ইফালে মঙলবাৰে কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰখিলে দিনটো ।
ঠেঁটুৱৈ লগা জাৰ । তাৰ মাজতো শীতক আওকান কৰি হাজাৰ হাজাৰ লোকে উপভোগ কৰিলে আঁহতগুৰিৰ লগতে দেওবালিৰ গোনা ম'হৰ যুঁজ । ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ ফলত বিগত 7 বছৰে আনুষ্ঠানিকভাৱে ম'হযুঁজ অনুষ্ঠিত হোৱা নাছিল । কিন্তু ন্যায়ালয়ৰ বাধা আঁতৰাত অনুষ্ঠিত ম'হযুঁজ চাবলৈ হিলদল ভাঙি ওলাই আহিল ৰাইজ ৷
দেওবালিত অনুষ্ঠিত ম’হযুঁজত এইবাৰ 40 হাল ম'হে যুঁজি আমোদ দিলে দৰ্শকক । গোনা ম'হৰ যুঁজত কঁপি উঠিল দেওবালি পথাৰ । ইফালে একেৰাহে 17 মিনিট 54 চেকেণ্ড যুঁজিলে এহাল ম'হে ।
লগতে পঢ়ক : ভোগালী বিহুৰ দিনাই গোনা ম’হৰ তয়াময়া যুঁজত কঁপিল গোমোঠাগাঁৱৰ পথাৰ