আলফা স্বাধীনৰ শিবিৰত মৃত্যু মাহমৰাৰ বুবুল সন্দিকৈৰ - আলফা স্বাধীনৰ শিবিৰত পুনৰ অঘটন
🎬 Watch Now: Feature Video
Published : Nov 24, 2023, 6:44 PM IST
মৰাণ, ২৪ নৱেম্বৰ: আলফা স্বাধীনৰ শিবিৰত পুনৰ অঘটন । আলফা স্বাধীনৰ শিবিৰত মৃত্যু প্ৰবীণ আলফা কেডাৰ চৰাইদেউৰ মাহমৰাৰ বুবুল সন্দিকৈ ওৰফে মেজৰ গোলাপৰ । চৰাইদেউ জিলাৰ মাহমৰাৰ ভালুকনি গাঁৱৰ বুবুল সন্দিকৈয়ে ১৯৮৫ চনতে আলফাত যোগদান কৰিছিল । মেইল যোগে সংবাদ মাধ্যমক আলফাই জনোৱাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মৃত আলফা কেডাৰ বুবুল সন্দিকৈৰ বাসগৃহত । আলফা স্বাধীনৰ তৰফৰ পৰা কোনোধৰণৰ খবৰ নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে বুবুল সন্দিকৈৰ পৰিয়ালে ।
আনহাতে, বুবুল সন্দিকৈৰ মৃত্যু সন্দৰ্ভতো সন্দেহ প্ৰকাশ কৰিছে পত্নী আৰু পৰিয়ালৰ লোকে । আলফা স্বাধীনে এক বিবৃতিত উল্লেখ কৰা অনুসৰি কালি অৰ্থাৎ ২৩ নৱেম্বৰত উচ্চ ৰক্তচাপজনিত কাৰণত শাৰীৰিক অসুস্থতাৰ বাবে দিনৰ ২-৩০ বজাত তেওঁৰ মৃত্যু হয় ।
উল্লেখযোগ্য যে আলফাৰ কেডাৰজনৰ মৃতদেহ ঘৰলৈ সৎকাৰৰ বাবে পঠিয়াব নে নাই সেই বিষয়ে বিবৃতিটোত আলফা স্বাধীনে উল্লেখ কৰা নাই । ইপিনে, পৰিয়ালকো কোনো ধৰণৰ খবৰ দিয়া নাই আলফা স্বাধীনে ।
লগতে পঢ়ক:কম সময়ৰ ভিতৰত বিজেপিত যোগ দিব সদ্য আছুত্যাগী দিব্যজ্যোতি মেধিয়ে, স্পষ্ট কৰিলে ইটিভিৰ আগত