Murder in Golaghat: গোলাঘাটৰ দোলাষৰীয়া চাহ বাগিচাত নৃশংস হত্যাকাণ্ড - Mysterious murder in tea garden in Golaghat

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 24, 2023, 1:41 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

গোলাঘাট,২৪ জানুৱাৰী: গোলাঘাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে গোলাঘাটৰ দোলাষৰীয়া চাহ বাগিচা(Brutal murder in Golaghat) । ব্যক্তিগত চাহ বাগিচাৰ চকীদাৰক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ সন্দেহ । ৫০ বছৰীয়া ভদীয়া কৰ্মকাৰ নামৰ চকীদাৰজনক কাঁটা তাঁৰেৰে বান্ধি মূৰত আক্ৰমণ কৰি হত্যাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে(Night watchman of tea garden killed in Golaghat) । ভায়া ওৰাং নামৰ এজন বন্ধুৰ সৈতে নিশা দোলাষৰীয়া চাহ বাগিচালৈ ওলাই গৈছিল মৃত ভদীয়া কৰ্মকাৰ(Mysterious murder in tea garden in Golaghat at night) । 

সোমবাৰে সন্ধিয়াই ঘৰৰ পৰা ওলাই অহা ভদীয়া কৰ্মকাৰক মঙলবাৰে পুৱা মৃত অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ভায়া ওৰাঙে ঘৰৰ পৰাই লৈ আহিছিল ভদীয়াক । সেই অনুসৰি ভায়া ওৰাঙেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ ভদীয়া কৰ্মকাৰৰ পৰিয়ালৰ লগতে আন সকলোৰে । ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা পলাতক ভায়া ওৰাং। 

ইফালে ঘটনাৰ খবৰ পোৱা মাত্ৰকে দোলাষৰীয়া চাহ বাগিচাৰ স্বতাধিকাৰীয়ে খবৰ দিয়ে গাঁওৰক্ষী বাহিনীক । গাঁওৰক্ষী বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ খবৰ দিয়ে গোলাঘাট আৰক্ষীক । লগে লগে ঘটনাস্থলীত উপস্থিত হয় গোলাঘাট আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু এগৰাকী কাৰ্যবাহী দণ্ডাধীশ । আৰক্ষী তথা দণ্ডাধীশ উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । 

ইফালে ঘটনা সন্দৰ্ভত ইতিমধ্যে আটক কৰিছে বাগানখনৰ আন এজন কৰ্মচাৰীক । আনহাতে ভদীয়া কৰ্মকাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ । মনকৰিবলগীয়া যে, বাগানৰ সাঁচি গছ চোৰ কৰি চকীদাৰ ভদীয়াক হত্যা কৰি পলায়নৰ সন্দেহ ভায়া ওৰাঙৰ বিৰুদ্ধে । চাহ বাগিচাৰ স্বত্বাধিকাৰীয়ে উত্থাপন কৰে এই বিস্ফোৰক অভিযোগ । পূৰ্বেও অঞ্চলজুৰি সাঁচি গছ চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে । অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে ওলাব ভদীয়া কৰ্মকাৰৰ হত্যাৰ প্ৰকৃত ৰহস্য । 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.