thumbnail

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 3:11 PM IST

ETV Bharat / Videos

হোজাইৰ উদালীত হত্য়া কৰি পুতি থলে পত্নীক, থানাত আত্মসমৰ্পণ

হোজাই, ২৮ নৱেম্বৰ : হোজাই উদালীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । পত্নীক হত্যা কৰি ঘৰৰ চোতালত পুতি থলে স্বামীয়ে । হোজাই জিলাৰ উদালীত সংঘটিত চঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । পাৰিবাৰিক কন্দলৰ বাবেই এই ভয়ংকৰ ঘটনাটো  সংঘটিত হৈছে ।  

এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত কৰি সাত দিনৰ অন্তত আজি পুৱা উদালী আৰক্ষী চকীত আত্মসমৰ্পণ কৰে অভিযুক্ত চাবিৰ আহমেদে । অভিযুক্ত চাবিৰ আহমেদৰ স্বাকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ঘৰৰ চোতালৰ পৰা গাঁত খান্দি উলিয়ালে তেওঁৰ পত্নী পাৰবিনা বেগমৰ মৃতদেহ । চাবিৰ আহমেদক জেৰা অব্যাহত ৰাখিছে হোজাই আৰক্ষীৰ তদন্তকাৰী দলে । হোজাই অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী বিষয়া পল্লৱ তামুলীয়ে ইতিমধ্য়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ধেমাজি মাইছা চাপৰি ৰাসৰ সোণালী জয়ন্তী মহোৎসৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.