Poor bridge in Bongaigaon: বঙাইগাঁৱত বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা - বঙাইগাঁৱত বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 19, 2023, 10:11 AM IST

বঙাইগাঁও, 19 জুন: বঙাইগাঁও জিলাৰ 34 নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত 1 নং ভাণ্ডাৰা আৰু জামদহা সংযোগী দলঙে জলা-কলা খুৱাইছে সাধাৰণ পথচাৰীৰ লগতে স্থানীয় ৰাইজক । দীৰ্ঘদিন ধৰি দলংখন নিৰ্মাণ নকৰাত দলংখন পৰিত্যক্ত অৱস্থাত আছে ।  

যাৰ ফলত স্থানীয় ৰাইজে বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখিছে যদিও সেয়া বৰ্তমান জৰাজীৰ্ণ হৈ পৰিছে । যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে । পৰিত্যক্ত অৱস্থাত থকা দলংখন মেৰামতি কৰিবলৈ বাৰে বাৰে স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰক অনুৰোধ জনোৱাৰ পিচতো আজিলৈকে নিৰ্মাণ হৈ নুঠিল ।  

বিধায়ক-সাংসদৰ অকৰ্মণ্যতাৰ বাবেই প্ৰতিবছৰে গাঠিৰ ধন খৰচ কৰি বাঁহৰ দলং নিৰ্মাণ কৰি ৰাইজে যাতায়ত কৰিবলগীয়া হৈছে । সম্প্ৰতি বাৰিষাৰ সময়ত স্থানীয় লোক শংকিত হৈ পৰিছে দলংখনক লৈ । দলংখনৰ বাবে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যাহত হৈ পৰিব । শীঘ্ৰেই জিলা প্ৰশাসন বা চৰকাৰৰ দৃষ্টিগোচৰ কামনা কৰিছে স্থানীয় ৰাইজে । 

লগতে পঢ়ক: Journalist killed in road accident : বন বিভাগৰ নিৰ্লিপ্ততা ! অকালতে প্ৰাণ হেৰুৱালে ভিডিঅ’ জাৰ্নেলিষ্টে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.