Assam Tourism : কলিয়াবৰ-কাজিৰঙাই মুহিলে ইংলেণ্ডৰ পৰ্যটকক - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 25, 2023, 9:14 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস (National Tourism Day 2023)৷ দুটা বছৰ ক'ভিড সংক্ৰমণে জুৰুলা কৰাৰ পাছত এইবেলি দেশ তথা ৰাজ্যলৈ বিদেশী পৰ্যটকৰ সোঁত বৈছে ৷ তাৰ মাজতে বুধবাৰে এক বৃটিছ পৰ্যটকৰ দলে দৰ্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)৷

মঙলবাৰৰ নিশাটো কলিয়াবৰৰ শিলঘাটৰ এক ব্যক্তিগত পৰ্যটক আৱাসত কটাই পৰ্যটকৰ দলটোৱে বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে ৷ গুৱাহাটীৰ পাণ্ডুৰ পৰা এম. ভি. মহাবাহু(MV Mahabaahu Cruise) জাহাজেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে অসমৰ পৰ্যটন ক্ষেত্ৰত ভ্ৰমণ কৰিবলৈ উপস্থিত হ’ল ইংলেণ্ডৰ পৰ্যটকৰ দলটো ৷

কলিয়াবৰত বিহু নৃত্যৰে আদৰিলে ইংলেণ্ডৰ পৰ্যটকৰ দলটোক ৷ কলিয়াবৰৰ পৰ্যটনক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল পৰিদৰ্শন কৰি আপ্লুত হয় দলটো ৷ এশিঙীয়া গঁড়, হৰিণ, হাতী, চৰাই, বনৰীয়া ম'হ দেখি অভিভূত হৈ পৰিল দলটো ৷ অসমৰ নৈসৰ্গিক শোভাই আকৰ্ষিত কৰা বুলি জনালে পৰ্যটকৰ দলৰ সদস্যসকলে (England tourist in Assam)৷

এম. ভি. মহাবাহু জাহাজৰ নাবিকে ইংলেণ্ডৰ পৰ্যটকৰ দলটোক কঢ়িয়াই আনি আনন্দিত হৈ পৰে ৷ কলিয়াবৰ শিলঘাটৰ জাহাজ ঘাটেৰে ইংলেণ্ডৰ পৰ্যটকৰ দলটো পুনৰ ৰাওনা হৈছে যোৰহাটৰ নিমাতী ঘাটৰ দিশে ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.