Scam in the allotment of land:ভূমি আৱন্টনৰ নামত ৰাজ্যত চলিছে বৃহৎ কেলেংকাৰী - প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 1, 2023, 8:46 PM IST

দৰং, 1 জুলাই : বৃহত্তৰ অসমীয়া যুৱমঞ্চ দৰং জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদ ৷ দৰঙৰ দলগাঁও ৰাজহ চক্ৰৰ অধীনত ভূমি আৱন্টনৰ নামত বৃহৎ কেলেংকাৰী বিৰুদ্ধে এই প্ৰতিবাদ ৷ কেলেংকাৰী বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত তিনি ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ দৰং জিলা সমিতিয়ে ৷

এই ভূমি কেলেংকাৰীত নাম সাঙোৰ খাইছে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া আৰু দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমানৰ নাম । এই দুয়োগৰাকী জনপ্ৰতিনিধিয়ে লগ লাগি অ-খিলঞ্জীয়া লোকক ভূমি আৱন্টন দি এটা ভূমি চিণ্ডিকেট গঢ়ি তুলিছে বুলি অভিযোগ উত্থাপিত কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই ।

দৰঙৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰি এই কেলেংকাৰীৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । ভূমি আৱন্টনৰ নামত বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা নল'লে পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়ে তেওঁলোকে ।

লগতে পঢ়ক : Tea workers protest in Dibrugarh: ভূমি পট্টা প্ৰদানৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.