thumbnail

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 9:06 AM IST

ETV Bharat / Videos

Poor bridge in Assam : এখন পকী দলঙৰ বিধ্বস্ত অৱস্থাই শংকা কঢ়িয়াইছে যাত্ৰীৰ জীৱনলৈ

ধেমাজি, 10 অক্টোবৰ: ৰাজ্য চৰকাৰৰ অমনোযোগিতাৰ বাবে ক্ৰমাৎ তললৈ বহি গৈছে এখন গুৰুত্বপূৰ্ণ পকী দলং ৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে যোৱা ধেমাজিৰ খজুৱাত তললৈ বহি গৈছে এখন পকী দলং ৷ যিকোনো মুহুৰ্ততে বন্ধ হৈ পৰিব পাৰে 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চিলাপথাৰ, জোনাই ডিব্ৰুগড়ৰ সৈতে ধেমাজি সদৰৰ যোগাযোগ ব্যৱস্থা ৷ 

এই সন্দৰ্ভত অৱগত হোৱাৰ পিচতে ইতিমধ্যে প্ৰশাসনে দলঙখনেৰে বন্ধ কৰি দিছে মালবাহী গধুৰ যান বাহনৰ যাতায়ত ৷ অৰুণাচলৰ লগতে জোনাই চিলাপথাৰৰ পৰা গুৱাহাটীলৈ যোৱা বাছসমূহক শিৱসাগৰ-যোৰহাট পথেৰে যাবলৈ আহ্বান জিলা আয়ুক্ত অংকুৰ ভৰালীৰ ৷ দলঙেৰে গাড়ী পাৰ হ’লেই 2-3 ইঞ্চি পৰ্যন্ত তললৈ বহি যায় দলঙখনৰ এটা মূৰ ৷ যাৰ ফলত যাত্ৰীয়ে যথেষ্ট বিপদসংকুলতাৰে দলঙখনেৰে আহ-যাহ কৰিবলগীয়াত পৰিছে ৷

লগতে পঢ়ক:  Doctors accused of negligence: অৱহেলা; সময়মতে চিকিৎসালয় পোৱাগৈ পাচতো মৃত্যু ঘটিল ৰোগীৰ!

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.