Notice to 17 illegal Pharmacy: বঙাইগাওঁ জিলাৰ ভাণ্ডাৰাৰ ১৭ খন অবৈধ ফাৰ্মাচীলৈ প্ৰশাসনৰ জাননী
🎬 Watch Now: Feature Video
মাণিকপুৰ, ২ আগষ্ট: বঙাইগাঁও জিলা মানিকপুৰ স্বাস্থ্যখণ্ডৰ অন্তৰ্গত ভাণ্ডাৰা বজাৰত মঙলবাৰে বিয়লি অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে প্ৰশাসনে অভিযান চলায় । এই অভিযানকালত প্ৰশাসনৰ লোকে ভাণ্ডাৰা বজাৰৰ ১৭ খনকৈ অবৈধ ফাৰ্মাচী বিৰুদ্ধে জাননী জাৰি কৰে । ইফালে প্ৰশাসনৰ লোকৰ অগমণৰ সম্ভেদ লাভ কৰাৰ লগে লগে অবৈধ ফাৰ্মাচীৰ গৰাকীসকলে পলাই পত্ৰং দিয়ে বুলি জানিব পৰা গৈছে ।
ভাণ্ডাৰা বজাৰৰ এইসমূহ অবৈধ ফাৰ্মাচীত বিগত ৩-৪ মাহ পূৰ্বেও প্ৰশাসনৰ লোকে তালাচী চলাই ফাৰ্মাচী সমূহ বন্ধ কৰিছিল ৷ কিন্তু প্ৰশাসনে চীল কৰাৰ কিছুদিন পিচতে ব্যৱসায়ীসকলে পুনৰ ফাৰ্মাচীসমূহ চলোৱা আৰম্ভ কৰে । প্ৰশাসনৰ লোকে গোপন খবৰৰ ভিত্তিত আজি আকৌ এইসমূহ ফাৰ্মাচীত অভিযান চলাই জাননী জাৰি কৰে ৷
তাৎপৰ্যপূৰ্ণ যে, অবৈধ ফাৰ্মাচীসমূহ বন্ধ কৰাৰ সময়ত সাংবাদিকে চৰকাৰী বিষয়াসকলক কি কাৰণত ফাৰ্মাচীসমূহ বন্ধ কৰি দিয়া হ’ল বুলি প্ৰশ্ন কৰাত তেওঁলোকে কোনো উত্তৰ নিদিয়াকৈ গুচি যায় । ইফালে ৰোগীৰ জীৱনক লৈ হেতালি খেলা এইসমূহ অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত চৰকাৰ তথা প্ৰশাসনৰ লোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে পৰিলক্ষিত হ’ব ।