HSLC exam paper leak: মেট্ৰিকৰ পৰীক্ষা বাতিলক লৈ বঙাইগাঁৱতো আমছু প্ৰতিবাদ সাব্যস্ত - অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু
🎬 Watch Now: Feature Video
বঙাইগাঁও, 14 মাৰ্চ : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ লগতে প্ৰতিবাদ অব্যাহত আছে । পিছ পৰি থকা নাই বঙাইগাঁও জিলাও (Bongaigaon district AAMSU) । সোমবাৰে বঙাইগাঁও জিলাৰ আমছুৰ নেতৃত্বত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে অভয়াপুৰীৰ লেংটিছিঙা, গৰাইমাৰী আদি অঞ্চলত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰাৰ লগতে চৰকাৰক তীব্ৰ সমালোচনা কৰে ।
দেওবাৰে মাজনিশা হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰাৰ ঘোষণাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । এই ক্ষেত্ৰত চৰকাৰৰ লগতে শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উত্তৰ শালমাৰা জিলা আমছুৰ সভাপতি বাহাৰুল ইছলামৰ লগতে সম্পাদক খুৰ্শিদ আলমে (AAMSU protests against education minister) । ইপিনে প্ৰশ্ন কাকত ফাদিল আৰু শিক্ষা মন্ত্ৰীৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে (HSLC exam paper leak) ।
পুত্তলিকা দাহ কাৰ্যসূচীত অসম চৰকাৰ হায় হায়, শিক্ষা মন্ত্ৰী মুৰ্দাবাদ, শিক্ষা মন্ত্ৰীয়ে পদত্যাগ কৰক, শিক্ষা মন্ত্ৰী হায় হায় আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে । ইপিনে প্ৰশ্নকাকত ফাদিলৰ বাবে শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী জনায় উত্তৰ শালমাৰা জিলা আমছুৱে (protests against education minister) । উল্লেখ্য যে ছেবা আৰু শিক্ষামন্ত্ৰীৰ অদূৰদৰ্শীতাৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত এক হতাশাৰ সৃষ্টি হৈছে ।
ছাত্ৰ ছাত্ৰীৰ জীৱনক তুচ্ছ জ্ঞান কৰা আৰু ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা ছেবা আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে বুলি সচেতন মহলে মত পোষণ কৰে । পৰীক্ষা হলত ছাত্ৰ-ছাত্ৰীয়ে নকল কৰি ধৰা পৰিলে এক বা দুই বছৰৰ বাবে বহিস্কাৰ কৰে; কিন্তু সুচাৰুৰূপে পৰীক্ষা পৰিচালনা কৰিব নোৱাৰা শিক্ষা মন্ত্ৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কিয় কৰা নাই বুলি প্ৰশ্ন উত্থাপন হৈছে ।
লগতে পঢ়ক : HSLC question paper leak : প্রশ্নকাকত ফাদিল সন্দৰ্ভত ৩ জনক গ্রেপ্তাৰ কৰিলে চিআইডিয়ে