ডিব্ৰুগড়ত কঁকাল ভাঙি বিহু নাচিলে বলীউডৰ অভিনেতা ৰাজা মুৰাদে

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 5:52 PM IST

thumbnail

ডিব্ৰুগড়, 4 জানুৱাৰী: ৫ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব বিশাল একাংকিকা ‘নাট মহাৰণ’। থানেশ্বৰ বৰা আৰু সবিতা বৰাৰ মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত উক্ত বিশাল একাংকিকা নাট মহাৰণৰ আয়োজন কৰা হৈছে । তিনিদিনীয়াকৈ আয়োজন কৰা মহাৰণখনত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ নাট্যগোষ্ঠীৰ সমাহাৰ ঘটিব ।

কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগা নাট মহাৰণ উদ্বোধন কৰিব বলীউডৰ প্ৰখ্যাত অভিনেতা ৰাজা মুৰাদে । ইয়াৰ বাবে ডিব্ৰুগড়ৰ বিমানবন্দৰত উপস্থিত হোৱা অভিনেতা ৰাজা মুৰাদক উষ্ম আদৰণি জনোৱা হয় । 'নাট মহাৰণ'ত অংশগ্ৰহণ কৰিবলৈ অহা অভিনেতাগৰাকীক বিহুৰে জনোৱা হ'ল উষ্ম আদৰণি । প্ৰখ্যাত অভিনেতাগৰাকীয়ে বিমানবন্দৰতে কঁকাল ভাঙি নাচিলে বিহু ।

বিমান বন্দৰত জনোৱা স্বাগতমত অভিভূত হৈ পৰে প্ৰখ্যাত অভিনেতাগৰাকী ৷ তেওঁ কয়, ‘ ‘এনেকুৱা আদৰণি আগতে মই দেখা নাই ৷ প্ৰথমবাৰ অহা যেন লগা নাই ইয়ালৈ ৷ এনেকুৱা লাগিছে যেন বহুবছৰৰ পৰাই এওঁলোকক চিনিপাওঁ ৷ সকলোকে নিজৰ নিজৰ লাগিছে ৷ কাকো জোৰ কৰি লাভ কৰিব নোৱাৰি, কেৱল মৰম-ভালপোৱাৰেহে লাভ কৰিব পাৰি ৷’’

লগতে পঢ়ক: কৃষিকৰ্মৰে স্বাৱলম্বী কণ্ঠশিল্পী ত্ৰিদিৱ গগৈ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.