Bodo Medium Day: ৰঙিয়া জিলা সাহিত্য সভাৰ বড়ো মাধ্যম দিৱস পালন - Bodo Medium Day 2023
🎬 Watch Now: Feature Video
ৰঙিয়া, ১৮ মে': আজি বড়ো মাধ্যম দিৱস (Bodo Medium Day 2023)। ১৯৬৩ চনৰ ১৮ মে'ত বড়ো ভাষাক শিক্ষাৰ মাধ্যম হিচাবে স্বীকৃতি প্ৰদান কৰা হৈছিল । এইদিনটো বড়োসকলে বড়ো মাধ্যম দিৱস হিচাবে পালন কৰি আহিছে । আজি ৰঙিয়াৰ ট্ৰাইবেল গেষ্ট হাউছত বড়ো মাধ্যম দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ।
অসম চৰকাৰে ষষ্ঠ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলে গণিত আৰু বিজ্ঞান বিষয়তো ইংৰাজীত পঢ়িব লাগিব বুলি ঘোষণা কৰিছিল । ইয়াৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল-সংগঠনে তীব্ৰ বিৰোধিতা কৰে । বৃহস্পতিবাৰে ৰঙিয়া জিলা বড়ো সাহিত্য সভাই এই সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনায় (Bodo Medium Day in Rangia)।
অংক আৰু বিজ্ঞান বিষয়ৰ কিতাপ যাতে চৰকাৰে স্থানীয় ভাষাত চপাই ছাত্ৰ-ছাত্ৰীসকলক মাতৃভাষাত পঢ়াৰ সুবিধা দিবলৈ ৰঙিয়া জিলা বড়ো সাহিত্য সভাই দাবী জনাইছে । সভাত বক্তাসকলে কয় যে নতুন শিক্ষা নীতিয়েও ছাত্ৰ -ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণৰ মাধ্যম মাতৃভাষাত হ'ব লাগে বুলি উল্লেখ কৰিছে । ইয়াৰ বিপৰীতে অসম চৰকাৰে ইয়াৰ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰি ইংৰাজী ভাষাতো জাপি দিব বিচাৰিছে বুলি বক্তাসকলে ক্ষোভেৰে কয় । আগন্তুক সময়ত বড়ো সংগঠনসমূহে ইয়াৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰিবলৈ কুণ্ঠাবোধ নকৰে বুলি তেওঁলোকে সকীয়াই দিয়ে ।
লগতে পঢ়ক:Protest in Guwahati:ই-ৰিক্সা চালকক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত গুৱাহাটীত উত্তাল প্ৰতিবাদ