thumbnail

By

Published : May 29, 2023, 4:01 PM IST

ETV Bharat / Videos

লখিমপুৰত মল্লযুঁজাৰুসকলৰ সমৰ্থনত ক’লা দিৱস পালন

লখিমপুৰ, ২৯ মে’ : লখিমপুৰত মল্লযুঁজাৰুসকলৰ সমৰ্থনত সৰ্বভাৰতীয় ক’লা দিৱস পালন কৰিছে একাধিক সংগঠনে (Black Day observed in Lakhimpur)। সোমবাৰে  লখিমপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত একাধিক সংগঠনে সৰ্বভাৰতীয় ক’লা দিৱস পালন কৰে। দিল্লীত প্ৰতিবাদৰত মহিলা মল্লযুঁজাৰুসকলক আৰক্ষীয়ে দেওবাৰে ৰাজপথৰ পৰা চোঁচৰাই নিয়াৰ লগতে কৰা অত্যাচাৰৰ বাবে এআইএমএছএছ, এআইডিএছঅ আদি কেইবাটাও সংগঠন মিলিত হৈ ক’লা দিৱস উদযাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে (wrestlers protest in Delhi)। 

উল্লেখ্য যে, আজি একে সময়তে সংগঠনকেইটাই সমগ্র দেশজুৰি ক’লা দিৱস পালন কৰে । প্ৰতিবাদকাৰীসকলে বিজেপি সাংসদ ব্ৰীজভূষণ শ্বৰণ সিঙক গ্ৰেপ্তাৰৰ দাবীত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। তেওঁলোকে কয় যে, বেটী পঢ়াও, বেটী বচাও শ্লোগান দিয়া বিজেপি চৰকাৰে বাস্তৱত ওলোটা কামহে কৰিছে। প্ৰশাসনে এতিয়াও যৌন নিৰ্যাতনৰ অভিযুক্ত বীজভূষণ শ্বৰণ সিঙক গ্ৰেপ্তাৰ কৰা নাই। 

ইয়াৰ বিপৰীতে আন্দোলন কৰা মল্লযুঁজাৰুসকলক ৰাজপথত চোঁচৰাই দিল্লী আৰক্ষীয়ে বৰ্বৰতাৰ পৰিচয় দিছে। এইখন দেশত এতিয়া ধৰ্ষিতাই ন্যায় নাপায়, ধৰ্ষণকাৰী গ্ৰেপ্তাৰ নহয়। বৰং চৰকাৰখনে ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণহে দিছে। চৰকাৰৰ এনে বিৰোধী নীতিৰ বাবে প্ৰতিবাদ কৰাৰ লগতে প্ৰতিবাদৰত মল্লযুঁজাৰুসকলৰ হৈ সকলোকে ৰাজপথলৈ ওলাই আহিবলৈ ৰাইজক আহ্বান জনায় প্ৰতিবাদকাৰীসকলে।

লগতে পঢ়ক: AEC Students Killed in Road Mishap: নিমিষতে ছাৰখাৰ হ’ল কৌশিকৰ পৰিয়ালৰ সপোন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.