thumbnail

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 10:23 PM IST

ETV Bharat / Videos

তিনি ৰাজ্যত উৰিল গেৰুৱা পতাকা; ৰঙিয়াত বিজেপি কৰ্মীৰ হৰ্ষোল্লাস

ৰঙিয়া, 3 ডিচেম্বৰ : ৰঙিয়াত বিজেপি কৰ্মীসকলে কৰিছে হৰ্ষ-উল্লাস । মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থানত বিজেপিৰ বৃহৎ জয়লাভৰ পিছতেই দেশৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিজেপিৰ সমৰ্থনকাৰীসকলে ফটকা-আতচবাজী ফুটাই বিজয়ৰ আনন্দ উপভোগ কৰিছে ।

তিনিখনকৈ ৰাজ্য বিজেপিৰ দখললৈ অহাৰ পিছতেই ফটকা ফুটাই আনন্দ উল্লাস কৰে বিজেপিৰ কৰ্মীসকলে । ৰঙিয়া নগৰৰ মাজমজিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ সম্মুখত নৰেন্দ্ৰ মোদী জিন্দাবাদ, ভাৰত মাতা কি জয় ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে বিজেপিৰ কৰ্মীসকলে । উত্তৰ কামৰূপ জিলা বিজেপি নেতৃত্বৰ উপস্থিতিত ফটকা ফুটাই আনন্দ-উল্লাস কৰে কৰ্মীসকলে । ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত এনেদৰ ফটকা ফুটাই মিঠাই ভগাই বিজয় উল্লাস কৰা দেখা গ’ল ৰঙিয়া বিজেপি কৰ্মীসকলক । আনহাতে, কেৱল তেলেংগানাতহে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয় কংগ্ৰেছ ৷

লগতে পঢ়ক : মিজোৰামত যি দলেই জিকিব বিজেপি তাৰেই লগত থাকিব: হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.