thumbnail

বৰপেটাত নিৰ্বাচনী ফলাফলক লৈ বিজেপিৰ বিজয় উল্লাস

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 8:33 PM IST

বৰপেটা, ৩ ডিচেম্বৰ: চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পাচতে বিজেপি কৰ্মীসকলৰ মাজত আনন্দ-উলাহে নধৰা হৈছে ৷ গেৰুৱা দলক সমৰ্থন কৰাসকলে সমগ্ৰ দেশতে ফুটাইছে আতচবাজী ৷ ভিন্ন প্ৰান্তৰ দৰে বৰপেটা জিলাতো বিজেপি কৰ্মীৰ বিজয় উল্লাস ৷ বৰপেটা চহৰত জিলা বিজেপিৰ কৰ্মচাৰীয়ে আতচবাজী ফুটাই বিজেপি জিন্দাবাদ ধ্বনিৰে পৰিৱেশ মুখৰিত কৰি তোলে ৷ জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসৰ মন্তব্য- চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে প্ৰতীয়মান কৰিলে দেশত মোদীৰাজ চলিব ৷

মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ৰ লগতে তেলেংগানাতো বিজেপিৰ ফল ভাল বুলিও মন্তব্য কৰে বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসে ৷ ইপিনে বৰপেটাৰ পাঁচআলি চ’কত আজি আতচবাজী ফুটোৱাৰ পিচতে বিজেপিৰ নেতা-কৰ্মীসকলে নিজে হাতত ঝাৰু লৈ পথটো চাফা কৰে ৷

লগতে পঢ়ক : হিন্দীবলয়ত সম্পূৰ্ণৰূপে উৎখাত হ’ল কংগ্ৰেছ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.