thumbnail

বিধায়কৰ উপস্থিতিত সোণাৰিত BJP ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 5:34 PM IST

সোণাৰি,৯ ডিচেম্বৰ: দেশজুৰি কংগ্ৰেছ দলৰ সাংগঠনিক বিপৰ্যয় চলি থকাৰ মাজতে ঝাৰখণ্ডৰ কংগ্রেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ বাসগৃহকে ধৰি বিভিন্ন স্থানত অভিযান চলাই প্ৰায় ৩০০ কোটিতকৈ অধিক ধন জব্দ কৰে আয়কৰ বিভাগে । এই ঘটনাই দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইয়াৰ পাছতে ঝাৰখণ্ডত কংগ্ৰেছ দলৰ সাংসদৰ ঘৰত ৩০০ কোটি টকা উদ্ধাৰ আৰু সাধাৰণ ৰাইজৰ ধন আত্মসাৎ কৰা কংগ্ৰেছ দলৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত জিলা বিজেপিৰ বৃহৎ প্ৰতিবাদ ।  

বিজেপিৰ জিলা কাৰ্যালয়ৰ পৰা হাতে হাতে বিজেপি পতাকা লৈ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদী সমদলত জিলা সভাপতি লক্ষ্মীনাথ তাছা আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি চৰাইদেউ জিলা বিজেপিৰ নেতৃত্বই অংশগ্ৰহণ কৰে ।  

লগতে পঢ়ক: মাজুলীত কংগ্ৰেছৰ বিৰুদ্ধে BJP ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.