BJP Maha Jansampark campaign:"মহা জনসম্পৰ্ক অভিযান” সন্দৰ্ভত বিজেপি OBC মৰ্চাৰ সাংগঠনিক সভা

By

Published : Jun 7, 2023, 8:01 AM IST

thumbnail

গুৱাহাটী, 7 জুন : মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত OBC মৰ্চাৰ এখনি বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হৈ যায় । মোদী চৰকাৰৰ 9 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে পালন কৰা মহাসম্পৰ্ক অভিযানৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই সাংগঠনিক সভাৰ (BJP Obc morcha organisational meeting) । এই সভাত উপস্থিত থাকে OBC মৰ্চাৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বিশাল টেণ্ডেল, মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনী ৰায় সৰকাৰ, মৰ্চাৰ প্ৰভাৰী অজয় কোঁৱৰৰ লগতে মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়াসকল । ইয়াৰ লগতে 29 খন জিলাৰ সভাপতি তথা বিভিন্ন জিলাৰ মণ্ডল সভাপতিসকল উপস্থিত থাকে ।

29 মেʼৰ পৰা 30 জুনলৈকে দেশব্যাপী চলিবলগীয়া “মহা জনসম্পৰ্ক অভিযান”ক লৈ কিদৰে OBC ৰাইজৰ মাজলৈ যাব পাৰি তাৰ ওপৰত আলোচনা তথা পৰিকল্পনা কৰা হয় । সভাত উপস্থিত থাকি ৰাষ্ট্ৰীয় প্ৰভাৰী বিশাল টেণ্ডেলে কয় যে মোদী চৰকাৰৰ 9 বছৰ কাৰ্যকালত অসমত হোৱা উন্নতিৰ খতিয়ান লৈ 35 হাজাৰ হিতাধিকাৰীৰ ঘৰলৈ যাম (9th Years of Modi Govt) ।  লগতে এহেজাৰ সামাজিক ব্যক্তি, বুদ্ধিজীৱী ওচৰলৈ যোৱা হ’ব বুলিও উল্লেখ কৰে । এই মহাজনসম্পর্ক অভিযানৰ সৈতে জড়িত হ'বলৈ 9090902024 নম্বৰত মিছ কল দিবলৈ আহ্বান জনাই ৰাষ্ট্ৰীয় প্ৰভাৰী গৰাকীয়ে ।

লগতে পঢ়ক : Gauhati High court Issue: গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ তীব্ৰ বিৰোধিতা ভূপেন বৰাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.