women's reservation bill 2023: নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়কক আদৰণি - Nari Shakti Bandan Act
🎬 Watch Now: Feature Video


Published : Sep 22, 2023, 8:44 AM IST
ডিফু, ২২ ছেপ্টেম্বৰ: মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদত 'নাৰী শক্তি বন্দন অধিনিয়ম' বিধেয়ক উত্থাপন আৰু গৃহীত কৰিলে ৷ এই উপলক্ষে বৃহস্পতিবাৰে ডিফুত বিজেপি মহিলা মৰ্চাই এক আদৰণি সভা অনুষ্ঠিত কৰে । ডিফু ক্লাবত অনুষ্ঠিত এই সভাত অতিথিৰূপে উপস্থিত থাকে ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং ।
ইয়াৰোপৰি এমএচি কাচে ৰংপিপী, এমএচি কাদম তেৰাংপী আৰু প্ৰাক্তন এমএচি সীমা ৰংহাপী উপস্থিত থকা সভাখনত সভাপতিত্ব কৰে জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ৰশ্মি টেৰণপীয়ে । আদৰণি সভাত মহিলা মৰ্চাই বিজেপি চৰকাৰৰ শাসনকালত ঐতিহাসিক অনুচ্ছেদ ৩৭০ বাতিল কৰা, মুছলিম মহিলাক তিনি তালাকৰ দৰে প্ৰথাৰ পৰা মুক্ত কৰা আদি পদক্ষেপেৰে মহিলাৰ সবলীকৰণৰ বাবে বহু প্ৰচেষ্টা হাতত লোৱা বুলি দাবী কৰে ।
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদতো ৩৩ শতাংশ সংৰক্ষণ মহিলাৰ বাবে প্ৰযোজ্য হোৱাটো বিচাৰে বুলি প্ৰকাশ কৰে৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত পূব কাৰ্বি আংলং বিজেপি মহিলা সমিতিৰ সভানেত্ৰী ৰশ্মি টেৰণপীয়ে বিধেয়কখন সংসদত উত্থাপন কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক ধন্যবাদ জ্ঞাপন কৰে ৷
লগতে পঢ়ক: Ganesh idol Immersion: ডিব্ৰুগড়ত অশ্ৰুসিক্ত নয়নেৰে বিঘিনি নাশকক বিসৰ্জন ভক্তৰ