বিজেপিৰ প্ৰতি অনীহা আহিছে নেকি ? কংগ্ৰেছত যোগদান দুই শতাধিক বিজেপি কৰ্মীৰ - পুৰণি বিজেপি কৰ্মী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-11-2023/640-480-20088491-thumbnail-16x9-majuli.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 22, 2023, 7:50 PM IST
সৰুপথাৰ, 22 নৱেম্বৰ : সন্মুখত লোকসভা নিৰ্বাচন 2024 ৷ গোলাঘাট জিলাৰ সৰুপথাৰত বিজেপিত মোক্ষম আঘাত ৷ বুধবাৰে সৰুপথাৰত কংগ্ৰেছ দলত যোগদান দুই শতাধিক পুৰণি বিজেপি কৰ্মীৰ। সৰুপথাৰ নগৰৰ মাজমজিয়াত অৱস্থিত সৰুপথাৰ ব্লক কংগ্ৰেছ সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচীত জিলা চাহ মৰ্চাৰ কোষাধ্যক্ষ ফুলেশ্বৰ ভূঞা, প্ৰাক্তন সাধাৰণ সম্পাদক পুষ্পধৰ শইকীয়াকে ধৰি ভালেকেইজন পুৰণি বিজেপি নেতাৰ লগতে সমষ্টিটোৰ সৰুপথাৰ,বৰপথাৰ,নাওজান টেঙাণী, ৰতনপুৰ, উৰিয়ামঘাটকে ধৰি সৰ্বমুঠ ১৩ খনকৈ পঞ্চায়তৰ প্ৰায় দুই শতাধিক পুৰণি বিজেপি কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে ।
যোগদান কৰিয়েই প্ৰাক্তন বিজেপি কৰ্মী কেইগৰাকীয়ে সমষ্টিটোৰ বিধায়ক বিশ্বজিৎ ফুকনে পুৰণি বিজেপিক গুৰুত্ব নিদি ন-বিজেপিক গুৰুত্ব প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে ৷ যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক পল্লৱ জ্যোতি চেতিয়া, প্ৰাক্তন বিধায়িকা ৰ’জলিনা তিৰ্কি, প্ৰাক্তন কংগ্ৰেছী বিধায়ক আক্লিয়াছ তিৰ্কিৰ লগতে সৰুপথাৰ ব্লক কংগ্ৰেছ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক: বিজেপিয়ে আৰোপ কৰা কৰৰ এটা এটা টকা ৰাইজক ওভতাই দিব কংগ্ৰেছে !