বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ - ড্ৰাগছ সৰবৰাহকাৰী
🎬 Watch Now: Feature Video


Published : Dec 6, 2023, 7:02 AM IST
বিশ্বনাথ, 6 ডিচেম্বৰ : বিশ্বনাথ জিলা বিহালী সমষ্টিৰ ৰতোৱা চেন্টাৰত মঙলবাৰে সন্ধিয়া অভিযান চলাই জিনজিয়া আৰক্ষীৰ এটা দলে ড্ৰাগছসহ এজনক যুৱকক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন যুৱকজনৰ নাম হৈছে জহীৰ আলি । জানিব পৰা মতে যুৱকজনৰ ঘৰ শোণিতপুৰ জিলাৰ ইটাখোলাত যদিও যুৱকজনে দীৰ্ঘদিন ধৰি জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰতোৱাত এটা ভাড়া ঘৰত থাকি সমগ্ৰ অঞ্চলটোত কৰি আহিছিল ড্ৰাগছ সৰবৰাহ ৷
ইপিনে মঙলবাৰে বিশ্বনাথ জিলা আৰক্ষী আৰু জিনজিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যু্ৱকজনক আটক কৰে । উল্লেখযোগ্য যে, জিলা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই বহু ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ড্ৰাগছ আসক্ত যুৱকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ৷
ইফালে জহীৰ আলি থকা ভাড়া ঘৰৰ মালিক বাপন চৰকাৰক আৰক্ষীয়ে বিচাৰি আছে যদিও বৰ্তমানলৈকে পলাতক হৈ আছে ভাড়া ঘৰৰ মালিক বাপন চৰকাৰ ৷
লগতে পঢ়ক : বঙাইগাঁৱৰ গৰৈমাৰীত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী