thumbnail

By

Published : Jun 14, 2023, 7:37 AM IST

ETV Bharat / Videos

Army Lieutenant Bishal Bora: যোৰহাটৰ ক্ষুদ্ৰ কৃষকৰ পুত্ৰ হ’লগৈ সেনাৰ লেফটেনেন্ট

যোৰহাট, 14 জুন : যোৰহাটৰ উপকণ্ঠৰ তথা কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত এলেংমৰাৰ বিশাল বৰা নামৰ এজন যুৱকে কঠোৰ অনুশীলন আৰু অধ্যৱসায়ৰ বলত ভাৰতীয় সেনা বাহিনীৰ লেফটেনেণ্ট পদ লাভ কৰিবলৈ সক্ষম হৈছে ৷ সেনাৰ সাধাৰণ সৈনিক হিচাপে যোগদান কৰা যুৱকজনে বিভাগীয় পৰীক্ষাত বহু ত্যাগ স্বীকাৰ কৰি সফলতাৰে উত্তীৰ্ণ হোৱাৰ উপৰিও তাতে অধ্যয়ন কৰি স্নাতক ডিগ্ৰীও লাভ কৰে ।

যোৰহাটৰ ভিতৰুৱা অঞ্চল এলেংমৰাৰ অতি দৰিদ্ৰ পৰিয়ালৰ পৰা নিজৰ অধ্যৱসায়ৰ বলত আৰু কঠোৰ সাধনা ফলত সেনাৰ কমিছন পদ লাভ কৰিবলৈ সক্ষম হয় বিশাল বৰাই ৷ পদোন্নতিৰ বাবে সন্মুখীন হোৱা প্ৰতিটো কঠিন পৰীক্ষাতে হেলাৰঙে পাৰ হোৱা বিশালে সপোনৰ এই পদটোৰ বাবে বিভাগীয় পৰীক্ষাৰ কালতে শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু আঘাতেই সফলতাৰ মাপ কাঠি বুলি গ্ৰহণ কৰি কম সময়ৰ ভিতৰতে নিজকে সুস্থ আৰু সফল হিচাপে দাঙি ধৰিছিল ।

উল্লেখ্য যে সেনাৰ এজন সাধাৰণ সৈনিক হিচাপে তেওঁ ২০০৮ চনত যোগদান কৰিছিল । তেওঁৰ পিতৃ বুবু বৰা এজন ক্ষুদ্ৰ কৃষক আৰু মাতৃ গণ বৰা এগৰাকী গৃহিণী । সোমাবাৰে নিশা ১১বজাত যোৰহাট ৰে’লৱে ষ্টেচন পৰাৰ গাঁৱৰ ৰাইজে ঢোলে-ডগৰে আদৰণি জনায় । বিশাল বৰাৰ কৃতিত্বত এলেংমৰা অঞ্চলত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : National Food Security Scheme:পচা চাউল যোগানক লৈ উত্তপ্ত ডিব্ৰুগড়ৰ হাতীগড়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.