Birth Anniversary of Srimanta Sankardeva:বৰপেটাত চাৰিদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মজয়ন্তী আৰম্ভ - চাৰিদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মজয়ন্তী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-09-2023/640-480-19588314-thumbnail-16x9-bar-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 23, 2023, 5:46 PM IST
|Updated : Sep 23, 2023, 6:31 PM IST
বৰপেটা, ২৩ ছেপ্টেম্বৰঃ বৰপেটাত বজাৰ বন্ধ কৰি ব্যৱসায়ীয়ে পালন কৰিছে শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী ৷ বৰপেটা চহৰৰ মাজমজিয়াত অৱস্থিত বৰবজাৰৰ ব্যৱসায়ীসকলে সকলো দোকান-পোহাৰ বন্ধ কৰি শনিবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মজয়ন্তী পালন কৰিছে ৷
বৰপেটাৰ বৰবজাৰৰ ব্যৱসায়ীসকলৰ যুৱক সংঘৰ উদ্যোগত পালন কৰা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে শনিবাৰে ব্যৱসায়ী আৰু ব্যৱসায়ীসকলৰ পৰিয়ালৰ সদস্য়ই ভাগৱত ভ্ৰমণ অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷ এই ভাগৱত ভ্ৰমণ অনুষ্ঠানৰ পিচতে মৎস্য বজাৰত নাম-প্ৰসংগ অনুষ্ঠিত হয় ৷
মৎস্য বজাৰত গুৰুআসন স্থাপন কৰি ব্যৱসায়ীসকলে নাম- প্ৰসংগত অংশগ্ৰহণ কৰে ৷ চাৰিদিনীয়াকৈ অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী অহা মঙলবাৰে পালনামৰ আৰ্হিত নাম প্ৰসংগৰে সামৰণি পৰিব ৷
লগতে পঢ়ক:Mechanized boat in Assam: বঙাইগাঁৱৰ চিকিবিকিগাঁৱত যন্ত্ৰচালিত নাৱেৰে বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ