Birth anniversary of Sri Sri Madhavadeva: বিহপুৰীয়াত শ্ৰী শ্ৰী মাধৱদেৱৰ আৰ্বিভাৱ তিথি পালন - বিহপুৰীয়াত শ্ৰী শ্ৰী মাধৱদেৱৰ আৰ্বিভাৱ তিথি পালন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18678908-thumbnail-16x9-bihpra-aspera.jpg)
বিহপুৰীয়া,৫জুন: আজি শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৰ্বিভাৱ তিথি (535th birth anniversary of Sri Sri Madhavadeva) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিহপুৰীয়া সমষ্টিৰ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থানত পালন কৰা হয় আৰ্বিভাৱ মহোৎসৱটি ৷ শ্ৰী শ্ৰী মাধৱদেৱ জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ সৌজন্যত আৰু দুয়োখন থান পৰিচালনা সমিতিৰ সহযোগত ৫৩৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱভাগ সোমবাৰে মহাপুৰুষ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীত আৰু ৰঙাজান উজীৰৰ টোলত একত্ৰিতভাৱে পালন কৰা হয় (Birth anniversary of Sri Sri Madhavadeva celebrated in Bihpuria) ৷
দীৰ্ঘদিনৰ পৰা শংকৰদেৱ সংঘ আৰু দুয়োখন থান পৰিচালনা সমিতিৰ মাজত থকা মতানৈক্য আৰু বিসম্বাদ পৰিহাৰ কৰি সোমবাৰে দুয়োখন থানতে একত্ৰিতভাৱে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হয় । পুৱা প্ৰীতি-মংগল সমাৰোহ আৰু বন্তি প্ৰজ্বলনৰ পিছতেই ধমধ্বজা উত্তোলন কৰি শুভাৰম্ভ কৰা এই মহোৎসৱৰ কাৰ্যসূচী অনুসৰি বিয়লি এখনি মুকলি সভা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় ।
উক্ত সভাত অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ প্ৰদান বৰুৱা, পল্লৱলোচন দাস, বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক: Madhabdev 535 birth anniversary: বৰপেটা সত্ৰত মাধৱদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ তিথি পালন