Birth anniversary of Sri Sri Badla Ata: বেলগুৰি শাখা সত্ৰত শ্ৰী শ্ৰী বদলা আতাৰ ৪৭৭ তম জন্ম জয়ন্তীৰ আয়োজন - 477th birth anniversary of Sri Sri Badla Ata
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18534243-thumbnail-16x9-dhemaji-aspera.jpg)
ধেমাজি, ১৮ মে':অহা ২৮,২৯আৰু ৩০ মে'ত উত্তৰ ধেমাজিৰ বেলগুৰি শাখা সত্ৰত তিনিদিনীয়াকৈ শ্ৰী শ্ৰী বদলা আতাৰ ৪৭৭তম জন্ম জয়ন্তী আৰু ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে (477th birth anniversary of Sri Sri Badla Ata )। এই সন্দৰ্ভত ধেমাজি প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে অভ্যৰ্থনা সমিতিয়ে এখন সংবামেল সম্বোধন কৰি প্ৰস্তুতি সম্পৰ্কে ব্য়াখ্য়া কৰে (Dhemaji Press Club) ৷
সমাৰোহ আয়োজনৰ বাবে ১২ খন উপ সমিতি আৰু এখন মূল সমিতি গঠন কৰি পূৰ্ণগতিত চলোৱা হৈছে প্ৰস্তুতি (Preparation of Bhaona Samaroh in Dhemaji) ৷ আয়োজক সমিতিয়ে উল্লেখ কৰে যে ইয়াৰ সৈতে সংগতি ৰাখি ছখন ভাওঁনা প্ৰদৰ্শন কৰা হ'ব ৷ প্ৰতিদিনে নাম প্ৰসংগৰ লগতে দুখনকৈ অংকীয়া ভাওনা প্ৰদৰ্শন হ'ব ৷ ৰাজহুৱা সভাৰ জৰিয়তে সকলো ব্যয়ৰ বাবে মুঠ ২৫ লাখ বাজেট নিৰ্ধাৰণ কৰিছে আযোজক সমিতিয়ে ৷ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ ৰণোজ পেগু,সভাপতি হিচাপে বেলগুৰি শাখা সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী আৰু সম্পাদক হিচাপে পূৰ্ণানন্দ তামুলী নিৰ্বাচিত হৈছে । তিনিওটা দিনত ৰাজ্যৰ প্ৰায় ১০ হাজাৰ ভক্তপ্ৰাণ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া সমাৰোহখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোকে আহ্বান জনাইছে আয়োজক সমিতিয়ে ৷
লগতে পঢ়ক:Nagaon SP Leena Dole : নগাঁৱৰ ১৪৮ আৰক্ষী কনিষ্টবলক বদলিৰ নিৰ্দেশ আৰক্ষী অধীক্ষকৰ