Birds die of posioning: খেতিপথাৰত কীটনাশক মিহলাই শ শ চৰাই নিধন

By

Published : Jul 24, 2023, 4:45 PM IST

Updated : Jul 24, 2023, 5:05 PM IST

thumbnail

মাণিকপুৰ, 24 জুলাই : জীৱশ্ৰেষ্ঠ মানুহৰ নিকৃষ্ট কৰ্ম ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ভাণ্ডাৰাত কীটনাশক মিহলাই শ শ চৰাই-চিৰিকতি নিধন ৷ পক্ষী নিধনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ ৷

যি সময়ত চৰাই-চিৰিকতিৰ স্থায়ী সংৰক্ষণৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই সময়তে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ভাণ্ডাৰাত কীটনাশক প্ৰয়োগেৰে শ শ চৰাই-চিৰিকতি নিধন কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে ১ নং ভাণ্ডাৰা অঞ্চলৰ খেতিপথাৰত কীটনাশক মিহলি কৰি ধানৰ বীজ সিঁচিছিল খেতিয়কে ৷ ধানৰ বীজ সিঁচা খেতিত বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকতিয়ে জাকে জাকে আহাৰ গ্ৰহণ কৰিবলৈ আহে ৷  

কিন্তু কীটনাশক মিহলাই থোৱা ধানৰ বীজ খাই শ শ চৰাই-চিৰিকতিৰ মৃত্যু হয় ৷ এইদৰে নিৰ্মমভাৱে চৰাই-চিৰিকতি নিধন কৰা খেতিয়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰকৃতিপ্ৰেমী ৰাইজে ৷ জীৱশ্ৰেষ্ঠ মানৱৰ এই নিকৃষ্ট কাণ্ড গৰিহণাৰ যোগ্য বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰকৃতিপ্ৰেমী ৰাইজে ৷ এতিয়া এই ঘটনা সম্পৰ্কে বন বিভাগ তথা জিলা প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: Assam Youth Dies in Gujarat: গুজৰাটত মৃত্যু অসমৰ যুৱকৰ

Last Updated : Jul 24, 2023, 5:05 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.