Thief caught: বাইকৰ লকাৰ ভাঙি থাকোতে হাতে-লোটে ধৰা পৰিল চোৰ, নিশা গণেশগুৰিত উত্তপ্ত পৰিস্থিতি - Dispur Police
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-10-2023/640-480-19660448-thumbnail-16x9-city.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 2, 2023, 12:58 PM IST
গুৱাহাটী, ২ ছেপ্টেম্বৰ : মহানগৰীৰ গণেশগুৰিত নিশা উত্তপ্ত পৰিস্থিতি ৷ দেওবাৰে নিশা ৰাইজে কৰায়ত্ত কৰিলে এটা বাইক চোৰ ৷ গণেশগুৰি উৰণ সেতুৰ তলত এখন বাইকৰ লকাৰ ভাঙি থাকোতে হাতে-লোটে ধৰা পৰে চোৰটো ৷ চোৰটোক কৰায়ত্ত কৰাৰ পিচতে লপা-থপা দিয়ে ৰাইজে ৷ ৰাইজে চোৰটোক সোধাই প্ৰচণ্ড ঘোচা আৰু সেই ঘোচাৰ প্ৰত্যুত্তৰ দিবলৈ নাপাহৰিলে চোৰে ৷
ফলত অধিক উত্তেজিত হৈ পৰে উপস্থিত ৰাইজ ৷ পৰৱৰ্তী সময়ত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰৰ লোক উপস্থিত হৈ ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি কৰে চোৰটোক ৷ আনহাতে দেওবাৰে নিশা মহানগৰীৰ ঘোঁৰামৰাতো ৰাইজে খেদি খেদি এটা চিলনী চোৰক কৰায়ত্ত কৰে ৷ এজনে যুৱকে মাকৰ সৈতে ঘোঁৰামৰা চাৰি আলিৰ পৰা ঘৰলৈ গৈ থকাৰ সময়তে এখন দুচকীয়া বাহনত অহা দুৰ্বৃত্তই যুৱকজনৰ পৰা মবাইলটো থপিয়াই লৈ যায় ৷ লগে লগে যুৱকজনে স্থানীয় ৰাইজৰ সহযোগত খেদি খেদি কৰায়ত্ত কৰে চোৰটোক ৷ পিচত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ চিলনী চোৰটোক উদ্ধাৰ কৰি থানালৈ লৈ যায় ৷
লগতে পঢ়ক:Guwahati Honey trapping case : মহানগৰীত হানি ট্ৰেপিঙৰ বলি হ’ল বহিঃৰাজ্যৰ যুৱক !