Bike theft gang : দুলীয়াজান আৰক্ষীৰ জালত বাইক চুৰি চক্ৰ

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 2:24 PM IST

thumbnail

ডিব্ৰুগড়, 29 অক্টোবৰ : লক্ষ্মী পূজাৰ নিশাই দুলীয়াজান আৰক্ষীৰ জালত পৰিল স্কুটীসহ তিনি দুধৰ্ষ মটৰ চাইকেল চোৰ । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দুলীয়াজান আৰক্ষী থানাৰ পৰিদৰ্শক ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলা অভিযানত আটক হৈছে তিনিটা গভাইত চোৰ । পুৱতি নিশা নাওহলীয়া জুটুলিবাৰী চাহ বাগিচাৰ পৰা দিলীপ কৰ্মকাৰ আৰু নাওহলীয়া অৰুণ বাগানৰ ৰোহিত ওৰাং নামৰ দুটা গভাইত চোৰক আটক কৰে আৰক্ষীয়ে ।

ইয়াৰ পাচতে নিশাই ধৃত চোৰ দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিত দুলীয়াজান গজল বস্তি অঞ্চলৰ পৰা ৰাজীৱ কঁয়া নামৰ আন এটা দুধৰ্ষ মটৰ চাইকেল চোৰক আটক কৰিছে আৰক্ষীয়ে । দুলীয়াজান আৰক্ষী থানাত পূৰ্বে পঞ্জীয়ন হৈ থকা 266/380 গোচৰ ভিত্তিত আৰক্ষীয়ে তিনি দুধৰ্ষ চোৰক আটক কৰি জেৰা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ULFA I killed yet another cader : আলফা(স্বা)ৰ শিবিৰত পুনৰ আন দুজন কেডাৰক মৃত্যুদণ্ড !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.