thumbnail

By

Published : Apr 11, 2023, 9:21 PM IST

ETV Bharat / Videos

Crime in Nagaon: বাইক চুৰিৰ গোচৰত KMSS ৰ নেতাক আটক

নগাঁও, ১১ এপ্ৰিল: বাইক চুৰি চক্ৰৰৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান (Bike lifter detained in Nagaon)। এইবাৰ বাইক চুৰিত জড়িত থকাৰ সন্দেহত আটক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা (KMSS activist detained for bike lifting)। হোজাই জিলাৰ মোৰাঝাৰৰ পৰা আটক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনক ।  

নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই জালত পেলাবলৈ সক্ষম হয় বাইক চোৰৰ এটা চক্ৰক। বাইক চুৰিত জড়িত থকাৰ সন্দেহত ইটাচালি আৰক্ষীয়ে মোৰাঝাৰৰ দেৱস্থানৰ পৰা আটক কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আঞ্চলিক সভাপতি মুজাকিৰ হুছেইনক । বাইক চুৰিত জড়িতৰ মূল অভিযুক্ত ইমৰাণৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দেৱস্থানৰ আঞ্চলিকৰ সভাপতি মুজাকিৰ হুছেইক ।

আনহাতে, ইটাচালি আৰক্ষীয়ে নগাঁৱৰ কেঁচাআলিৰ পৰা ৰাহুল, চামগুৰিৰ বৰমাৰ পৰা জিয়াবুৰ, নেলীৰ পৰা ৰুহুল আমিন, হাওৰাঘাটৰ পৰা ইমৰাণক বাইক চুৰিত জড়িত থকাৰ অভিযোগত আটক কৰে । ইয়াৰে চামগুৰি বৰমাৰ বাইক চুৰিৰ আন এক অভিযুক্ত আক্ৰামূলে পলায়ন কৰে । ইটাচালি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জগদীশ কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান ।

লগতে পঢ়ক:Arsenic Removal Capsule : কলিয়াবৰৰ অধ্যাপকে উদ্ভাৱন কৰিলে আৰ্ছেনিক মুক্তকৰণৰ কেপছুল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.