সংকল্প যাত্ৰাক লৈ উখল-মাখল পৰিৱেশ ৰঙিয়াৰ বিছেন্নালা গাঁৱত - Bikashit Bharat Sankalp Yatra in Rangai
🎬 Watch Now: Feature Video
Published : Dec 12, 2023, 8:12 AM IST
ৰঙিয়া, 12 ডিচেম্বৰ : সংকল্প যাত্ৰাক লৈ উখল-মাখল পৰিৱেশ ৰঙিয়া সমষ্টিৰ বিছেন্নালা গাঁৱত ৷ হিতাধিকাৰী আৰু প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত বিছেন্নালা পঞ্চায়তৰ কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত হয় সংকল্প যাত্ৰা ৷ উক্ত কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ প্ৰকৃত হিতাধিকাৰীক প্ৰদান কৰা হৈছে নে নাই, হিতাধিকাৰীসকলে আঁচনিসমূহ লাভ কৰি কেনেদৰে উপকৃত হৈছে তাৰ মূল্যায়ন কৰাৰ লগতে চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ ৰাইজৰ মাজত অৱগত কৰা ৷
সংকল্প যাত্ৰাৰ লগত সংগতি ৰাখি মহিলা দলে নাগাৰা নাম পৰিৱেশন কৰাৰ লগতে বাটৰ নাটো প্ৰদৰ্শন কৰে ৷ আনহাতে, উক্ত কাৰ্যসূচীতে সম্বৰ্ধনা জনোৱা হয় বিছেন্নালা পঞ্চায়তৰ খেলুৱৈসকলক ৷ সংকল্প যাত্ৰাৰ কাৰ্যসূচীত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপৰা দাসৰ লগতে হিতাধিকাৰীসকল উপস্থিত আছিল ৷
লগতে পঢ়ক ; ৰঙিয়াত বিকশিত ভাৰত সংকল্প যাত্ৰা