Titabor Mega Bihu: বিহুৰ বিশ্ব অভিলেখৰ বাবে তিতাবৰত বাছনি শিবিৰ - Selection programme for Bihu world record

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 16, 2023, 10:08 AM IST

যোৰহাট, ১৬ মাৰ্চ: অহা ১৪ এপ্ৰিলত বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে গৰু বিহুৰ দিনা অনুষ্ঠিত হ'বলগীয়া মেগা বিহু ইভেণ্টৰ বাবে তিতাবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত নাচনী আৰু ঢুলীয়াৰ বাছনি শিবিৰ অনুষ্ঠিত হৈছে (Assam govt mega Bihu dance programme)। ইয়াৰ বাবে যোৰহাট জিলাৰ বিহুৱা-বিহুৱতীসকল বাছনি শিবিৰত উপস্থিত হৈ প্ৰদৰ্শন কৰিছে যোগ্যতা । তিতাবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত চলিছে এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ কৰ্মশালা তথা আখৰা । ইয়াৰ পৰাই নিৰ্বাচন কৰিব ২০০ গৰাকীকৈ বিহুৱা-বিহুৱতীক । বিশ্ব অভিলেখ গঢ়াৰ অংশ হ'বলৈ পায় উৎফুল্লিত সকলো বিহুৱা-বিহুৱতী ।

ইফালে ৰঙালী বিহু চমু চাপি অহাৰ বাতৰি পাই এতিয়া গাত ত'ত নাই প্ৰতিগৰাকী অসমীয়াৰ (Selection programme for Bihu world record)। ঢুলীয়া-নাচনীয়ে আৰম্ভ কৰিছে বাপতি সাহোন ৰঙালী বিহুক আদৰাৰ পূৰ্ণ প্ৰস্তুতি । ইয়াৰ মাজতে অসম চৰকাৰে লৈছে বিহুক বিশ্বমুখী কৰাৰ এক প্ৰয়াস । অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুৰ বিশ্বমুখী যাত্ৰাত ১৪ এপ্ৰিলত ১০ হাজাৰ বিহুৱা-নাচনীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত পৰিৱেশন কৰিব বিহু নৃত্য । অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিতব্য় বিহুৰ বিশ্বমুখী যাত্ৰাৰ বাবে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আৰম্ভ হৈছে যুদ্ধকালীন প্ৰস্তুতি (Bihu selection programme in Jorhat) ৷ উল্লেখ্য় যে অহা ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ১০ হেজাৰ বিহুৱা নাচনীয়ে বিশ্ব অভিলেখৰ বাবে একলগে বিহু পৰিৱেশন কৰিব ৷

লগতে পঢ়ক:Morigaon Mega Bihu: বিহুৰ বিশ্ব ৰেকৰ্ডৰ বাবে মৰিগাঁৱত বাছনি শিবিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.