Blind youth performing Bihu: আলোকৰ সন্ধান দিছে এদল দৃষ্টিহীন যুৱক-যুৱতীৰ হুঁচৰিয়ে - এদল দৃষ্টিহীন যুৱক যুৱতীৰ হুঁচৰি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18420042-thumbnail-16x9-onenhktia-aspera.jpg)
নাহৰকটীয়া,৪ মে': ডিঙিত ঢোল, হাতত খুটি তাল, টকা আৰু বাঁহী লৈ বিহু মৰাত ব্যস্ত এটা হুঁচৰি দল । বিহুনাম আৰু ঢোল পেঁপাৰ লহৰত নাচনীয়ে কঁকাল ঘূৰাই নাচিছে যদিও ব্যতিক্ৰম এই বিহু দলটো । কাৰণ দলটোৰ প্ৰতিগৰাকী সদস্যই দৃষ্টিহীন । মনত প্ৰচুৰ হেঁপাহ আৰু আত্মবিশ্বাস থাকিলে জীৱ শ্ৰেষ্ঠ মানুহে আচলতে কি কৰিব নোৱাৰে (Bihu performance by blind youth in Naharkatia) ।
তাকে প্ৰমাণ কৰি দেখুৱালে এই দৃষ্টিহীন বিহু হুঁচৰি দলটোৱে । উজনি অসমৰ বিভিন্ন জিলাৰ পৰা আহি একত্ৰিত হৈ এইদৰে হুঁচৰি মৰাত ব্যস্ত হৈছে এইসকল দৃষ্টিহীন বিহুৱা নাচনী (Blind youth performing Bihu) । ব্যতিক্ৰম এই বিহু দলটি বাছেৰে নতুবা ট্ৰেইনৰ জৰিয়তে উজনি অসমৰ বহু লোকৰ ঘৰত বিহু প্ৰদৰ্শন কৰা পিচতেই মংগলবাৰে উপস্থিত হয়হি নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ বাসগৃহত (MLA Tarang Gogoi) ।
দলটোৱে বিধায়ক গৰাকীৰ চোতালত বিহু প্ৰদৰ্শন কৰি আশীৰ্বাদ জনালে বিধায়কগৰাকীৰ পৰিয়ালটোক । নিজকে দৃষ্টিহীন বুলি জ্ঞান নকৰি অন্য বিহুৰ দলৰ দৰে যি দৰে বিহু প্ৰদৰ্শন কৰিছে তাকে দেখি দলটোক প্ৰশংসাৰে পঞ্চমুখ কৰে বিধায়ক গগৈ । দৃষ্টিহীন এই হুচৰি দলটোৱে প্ৰচুৰ আত্মবিশ্বাসৰে মানুহৰ ঘৰে ঘৰে গৈ বিহু মাৰি অসমীয়া পৰম্পৰা বিহুটিক জীয়াই ৰাখিবলৈ যি প্ৰচেষ্টা হাতত লৈছে সেইয়া সঁচাকৈয়ে আদৰণীয় আৰু শলাগ ল’বলগীয়া ।
লগতে পঢ়ক: Amritpal Singh updates: অমৃতপালক সাক্ষাতৰ বাবে ডিব্ৰুগড় কাৰাগাৰত পত্নী কিৰণদ্বীপ কৌৰ