Bihu workshop in Kaliabar: ঢোল-পেঁপাৰ মাতে কঁপাইছে কলিয়াবৰ

By

Published : Mar 25, 2023, 1:57 PM IST

thumbnail

কলিয়াবৰ,২৫ মাৰ্চ: ৰঙালী বিহুলৈ মাজত এমাহো নাই । সেয়ে ৰাজ‍্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰঙালী বিহু আদৰাৰ প্ৰস্তুতি (Assam Rangali bihu) । ৰাজ‍্যৰ বিভিন্ন স্থানত বিহু নাচ-বাদ‍্যৰ কৰ্মশালাত বিৰাজ কৰিছে বিহুবলীয়া ব‍্যস্ততা (Bihu dance workshop) । একেই ব‍্যস্ততা কলিয়াবৰতো । কলিয়াবৰৰ জখলাবন্ধাত লোকশল্পী ধনেশ্বৰ শইকীয়াৰ তত্বাৱধান আয়োজিত হৈছে এখনি বিহু নাচ আৰু বিহুবাদ‍্যৰ কৰ্মশালাৰ ।  

কলিয়াবৰৰ জখলাবন্ধাৰ ব্ৰহ্মপুত্ৰ বিহু দলৰ ব‍্যৱস্থাপনাত মিলন সংঘৰ সহযোগত মিলন সংঘৰ বাকৰিত যোৱা ২১ মাৰ্চৰ পৰা অনুষ্ঠিত হৈছে বিহু নাচ আৰু বিহুবাদ‍্য কৰ্মশালা (Rangali bihu Assam) । বাপতি সাহোন বিহু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আয়োজিত বিহু কৰ্মশালাত বৰ্ষীয়ান লোকশল্পী ধনেশ্বৰ শইকীয়াৰ লগতে আন কেইবাগৰাকী বিহুৱা-নাচনীয়ে প্ৰায় ডেৰ শতাধিক প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । ২৭ মাৰ্চ তাৰিখে সামৰণি পৰিব এই কৰ্মশালাখনিৰ । 

লগতে পঢ়ক: Training in machine cutting of muga: ৰঙিয়াত মেচিনেৰে মুগা আৰু এৰি সূতা কটাৰ প্ৰশিক্ষণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.