G-20 Summit: দিল্লীত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সন্মুখত বিহুক বিকৃত ৰূপত প্ৰদৰ্শন - হিমন্ত বিশ্ব শৰ্মা
🎬 Watch Now: Feature Video


Published : Sep 8, 2023, 7:45 PM IST
গুৱাহাটী, 8 ছেপ্টেম্বৰ: শনিবাৰৰ পৰা G-20 শীৰ্ষ সন্মিলন । G-20 শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত । যাৰ বাবে ন-ৰূপত সজাই তোলা হৈছে দেশৰ ৰাজধানী নতুন দিল্লী ।
ইতিমধ্যে বিভিন্ন দেশৰ নেতাসকলৰ ভাৰতলৈ আগমন আৰম্ভ হৈছে । এনে সময়তে নতুন দিল্লীৰ বিমান বন্দৰত বিভিন্ন দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, ৰাষ্টদূতসকলক আদৰণি জনোৱাৰ নামত অসমৰ বাপতিসাহোন বিহুক বিকৃত ৰূপত প্ৰদৰ্শন কৰা হয় । ইয়াকে লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে G-20 সন্মিলনৰ বাবে শুকুৰবাৰে দিল্লীত উপস্থিত হয় ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক ৷ নতুন দিল্লীৰ বিমান বন্দৰত বিহু নৃত্যৰে আদৰণি জনোৱা হয় ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীক ৷ কিন্তু বিহু নৃত্যৰ নামত অসমীয়াৰ বিহু নৃত্যক চৰম বিকৃত ৰূপত প্ৰদৰ্শন কৰা দেখা যায় ।
নতুন দিল্লীৰ বিমান বন্দৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সম্মুখত বিকৃত ৰূপত বিহু নৃত্য প্ৰদৰ্শন কৰা হয় । লক্ষণীয় যে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে কোটি কোটি টকা ৰাইজৰ ধন খৰছ কৰি গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত প্ৰায় ১১ হাজাৰ বিহুৱা বিহুৱতীৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শন কৰি ৰেকৰ্ড স্থাপন কৰি চমক সৃষ্টি কৰিছিল ।
কিন্তু এই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত G-20 সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ নামত বিহু নৃত্যক বিদেশৰ মানুহক সন্মুখত দেশৰ মাটিত বিকৃত ৰূপত প্ৰদৰ্শন কৰিলে । ইয়াকেলৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সমালোচনাৰ সম্মুখীন হৈছে ।
লগতে পঢ়ক: G20 Summit : কোন কোন দেশৰ নেতা উপস্থিত থাকিব জি-২০ বৈঠকত ?