Eviction drive:বিহপুৰীয়া পৌৰসভা এলেকাত উচ্ছেদ অভিযান - উচ্ছেদ অভিযান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 25, 2023, 6:30 PM IST

বিহপুৰীয়া, 25 জুলাই : বিহপুৰীয়া পৌৰসভাৰ কঠোৰ পদক্ষেপ ৷ বিহপুৰীয়া পৌৰসভাই মঙলবাৰে বিহপুৰীয়া পৌৰসভাৰ অন্তৰ্গত তিনিটাকৈ স্থানত উচ্ছেদ অভিযান চলাই । বিহপুৰীয়া পৌৰসভাৰ সকীয়নিক অৱমাননা কৰা মালিকপক্ষই পালে নিজ কৰ্মৰ ফল ৷ বিহপুৰীয়া নগৰৰ ২ নং ৱাৰ্ডৰ ডাকঘৰৰ সমীপত পৌৰসভাৰ নিয়ম উলংঘা কৰি গঢ়ি তোলা কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত বুল ডজাৰে চলালে বিহপুৰীয়া পৌৰসভা কৰ্তৃপক্ষই ।

বিহপুৰীয়া পৌৰসভা কৰ্তৃপক্ষই ইয়াৰ পিচতে বিহপুৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমীপতো গঢ় লৈ উঠা কেইবাখনো ব্যৱসায়ী প্ৰতিষ্ঠান ভাঙি পেলাই । বিহপুৰীয়া পৌৰসভাই চলোৱা এই উচ্ছেদ অভিযান কেৱল সীমিত সংখ্যক ব্যৱসায় প্ৰতিষ্ঠানতে সীমাবদ্ধ থাকিব নে বিহপুৰীয়া নগৰৰ অলিয়ে গলিয়ে নীতিবৰ্হিভূত ভাৱে গঢ় লৈ উঠা প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানতে এনেদৰে উচ্ছেদ চলিব সেয়াহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক : Hojai Administration eviction drive: ডবকাত শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰশাসনৰ বুলড’জাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.