thumbnail

By

Published : Jul 17, 2023, 5:07 PM IST

ETV Bharat / Videos

Bihpuria erosion news:খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন নৈপৰীয়া

বিহপুৰীয়া, 17 জুলাই : ভগৱানেই এতিয়া শেষ ভৰসাৰ স্থল । চৰকাৰৰ ওপৰত ভৰসা হেৰুওৱাই পেলাইছে তেওঁলোকে । কাৰণ প্ৰতিখন চৰকাৰেই প্ৰতাৰণা কৰি আহিছে তেওঁলোকৰ সৈতে । এই দৃশ্য লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বদতি জামুগুৰিৰ । সম্প্ৰতি ৰাজ্যত অব্যাহত আছে বান আৰু গৰাখহনীয়াৰ ভয়াৱহ পৰিস্থিতি ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়াতো খহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে ৷

বিহপুৰীয়াৰ বদতি জামুগুৰি অঞ্চলত ডিক্ৰং নদীৰ খহনীয়াই আতংকিত কৰি তুলিছে নৈপৰীয়া ৰাইজক ৷ নদীখনৰ খহনীয়াই ইতিমধ্যে এটি কৃষি বান্ধৰ লগতে খেতি পথাৰ খহাই নিয়াৰ পাছত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ যথেষ্ট ক্ষতিগ্ৰস্থ হৈছে ৰাইজ ৷ অৱশেষত শেষ ভৰসা হিচাপে ৰাইজ শৰণাপন্ন হৈছে অদৃশ্যজনৰ ওচৰত ৷

জলসম্পদ বিভাগে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিততে ৰাইজে নদীত ভোগ-নৈবদ্য আগবঢ়াই খহনীয়া ৰোধৰ কামনা কৰিছে ৷ উল্লেখ্য যে, নদীখনৰ খহনীয়া অব্যাহত থাকিলে স্থানীয় বিহপুৰীয়া-বদতি সংযোগী গড়কপ্তানী পথৰ লগতে কেইবাখনো গাওঁ ক্ষতিগ্ৰস্ত হ’ব ৷

লগতে পঢ়ক : Artificial flood in Lakhimpur: কৃত্ৰিম বানত ডুব গ’ল লখিমপুৰৰ 40 খন গাঁও; প্ৰভাৱিত কেইবাহেজাৰ বিঘা শস্য ক্ষেত্ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.