গোলাঘাটত তীব্ৰবেগী বাইকৰ খুন্দাত চাইকেল আৰোহী নিহত - গোলাঘাট দুৰ্ঘটনা
🎬 Watch Now: Feature Video


Published : Dec 20, 2023, 8:14 PM IST
গোলাঘাট, 20 ডিচেম্বৰ : গোলাঘাটৰ কমাৰবন্ধা তিনিআলিৰ সমীপত চাইকেল আৰোহীক তীব্ৰ বেগেৰে খুন্দিয়ালে বাইক আৰহীয়ে । উক্ত দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীত চাইকেল আৰোহী লক্ষেশ্বৰ হাজৰিকা নিহত হোৱাৰ বিপৰীতে বাইক আৰহী গোবিন বৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
জানিব পৰা মতে কছাৰীহাট ৰাইদিঙীয়াৰ LIC এজেণ্ট লক্ষেশ্বৰ হাজৰিকা চাইকেলেৰ ঘৰৰ পৰা বৰজান অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS-05K-0718 নম্বৰৰ পালছাৰ বাইকেৰে তীব্ৰ বেগত খুন্দিওৱাত ৫০ বছৰীয়া লক্ষেশ্বৰ হাজৰিকা থিতাতে মৃত্যু হয় ।
ইফালে আঘাতপ্ৰাপ্ত বাইক আৰোহী গোবিন বৰাক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ঘটনাস্থলীত কমাৰবন্ধা আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: ভাগিনীয়েকক দাৰে জধে-মধে ঘপিয়ালে মোমায়েকে