Districts Abolished in Assam: চাৰি জিলাৰ জনসাধাৰণৰ স্বাভিমানত আঘাত কৰিছে মুখ্যমন্ত্ৰীয়ে: ভূপেন বৰা

By

Published : Dec 31, 2022, 6:17 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail
‘‘নৱবৰ্ষৰ প্ৰাকক্ষণত চাৰিখনকৈ জিলাৰ জনসাধাৰণৰ আত্মসন্মান আৰু স্বাভিমানত অসম চৰকাৰে আঘাত কৰিছে ৷ যিটো চাৰিখন জিলাবাসীৰ বাবে সমীচিন হোৱা নাই । পিচ দুৱাৰেদি মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাই এই চাৰি জিলাবাসীৰ বাবে গ্ৰহণ কৰিছে (Assam CM Decelered Four Districts of Assam Abolished) হঠকাৰী সিদ্ধান্ত ।’’ শনিবাৰে বৰপেটাত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ৰাজ্যৰ চাৰিখনকৈ ন-জিলা পুনৰ বিলুপ্তিকৰণ প্ৰক্ৰিয়াক লৈ এনেদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Districts Abolished in Assam) ৷ লগতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক উত্তৰ কোৰিয়াৰ কিম জং উনৰ লগত তুলনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অসমত এতিয়া কিম জং উনৰ ৰাজত্ব চলিছে বুলিও কটাক্ষ কৰে । ‘‘অসমত গণতন্ত্ৰ হেৰাইছে । কাগজ কল, ৮০০০ শিক্ষকৰ পদ, গোপীনাথ বৰদলৈ বিমান বন্দৰ, চিৰিয়াখানা আদি মুখ্যমন্ত্ৰীয়ে কেৱল বিলুপ্তিহে কৰিছে’’ - এনেদৰে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.