Prahlad Singh Patel in Baksa: বাক্সাত বিজেপিৰ জিলা ভৱনৰ ভূমিপূজন

By

Published : Apr 22, 2023, 9:16 PM IST

thumbnail

বাক্সা,22 এপ্ৰিল: খাদ্য সংশোধনৰ জৰিয়তে অসমৰ উদ্যোগীসকলক আৰ্থিক সাহায্য প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ নলবাৰী জিলাৰ টিহুৰ মেগা ফুড পাৰ্কখন যি ধৰণে প্ৰধানমন্ত্ৰী আৰ্থিক অনুদান পুঁজিৰ (PMFA) জৰিয়তে নিৰ্মাণ কৰা হৈছিল, সেই ধৰণে অসমৰ উদ্যোগীসকলৰ লগতে আত্মসহায়ক গোটক প্ৰদান কৰিব দহ লাখ টকা পৰ্যন্ত আৰ্থিক অনুদান ।  

এই মন্তব্য কৰে কেন্দ্ৰীয় খাদ্য সংশাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলৰ (Union Minister of State Prahlad Singh Patel) ৷ শনিবাৰে বাক্সা জিলাৰ মুছলপুৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ খাদ্য সংশাধনৰ সৈতে জড়িত বিভিন্ন আত্মসহায়ক গোট, ছ'চাইটি আদিক আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে ৷ কেন্দ্ৰীয় চৰকাৰে উদ্যোগৰ ক্ষেত্ৰত বিশেষভাবে গুৰুত্ব প্ৰদান কৰি আহিছে বুলিও প্ৰকাশ কৰে কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে (Prahlad Singh Patel in Baksa) ৷  

ইফালে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে প্ৰতি মাহত এজন কেন্দ্ৰীয় মন্ত্ৰী প্ৰত্যেক ৰাজ্যলৈ অহাটো বাধ্যতামূলক কৰিছে । প্ৰধান মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বাক্সা জিলাত পদাৰ্পন কৰি বিজেপিৰ সংগঠনিক ভেটি, কেন্দ্ৰীয় চৰকাৰৰ জনকল্যাণমূলক আঁচনি ৰূপায়নৰ বুজ লয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে (Bhumi Pujan of BJP District Building in Baksa) । 

লগতে পঢ়ক: Femina Miss India 2023: ফেমিনা মিছ ইণ্ডিয়া ২০২৩ৰ চূড়ান্ত প্ৰতিযোগী অনুষ্কা লেখাৰুক সম্বৰ্ধনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.