টীয়কৰ কলিয়াপানী বজাৰত ভোগালীৰ উছাহ - bhogali bihu in assam
🎬 Watch Now: Feature Video
Published : Jan 13, 2024, 1:34 PM IST
টীয়ক, 13 জানুৱাৰী: ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি । উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ বাবে বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে সকলোৱে । টীয়কৰ কলিয়াপানীৰ বজাৰতো সৃষ্টি হৈছে সদৃশ পৰিৱেশৰ । পুৱা প্ৰচণ্ড শীতকো নেওচি হাজাৰ হাজাৰ গ্ৰাহকে উৰুকাৰ ভোজ ভাত খাবলৈ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ।
উল্লেখযোগ্য যে, উক্ত বজাৰত বিভিন্ন থলুৱা উৎপাদিত শাক-পাচলি, বিহু উপলক্ষে চিৰা, মুৰি, গুৰ, দৈ, হাঁহ আদি সকলো উপলব্ধ হৈছে । পূৰ্বৰ তুলনাত সামগ্ৰীসমূহৰ দাম কিছু হ্ৰাস হোৱাৰ বাবে ৰাইজে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত যথেষ্ট সকাহ লাভ কৰিছে বুলি গ্ৰাহকে জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি, চৰকাৰে মাছ মাংসৰ ক্ষেত্ৰত মূল্য নিৰ্ধাৰণ কৰি দিয়াৰ বাবেও সৰ্বসাধাৰণে সকাহ পাইছে বুলি জনায় ।
আনপিনে, পূৰ্বৰ তুলনাত এইবাৰ বাণিজ্য ক্ষেত্ৰতো আশানুৰূপ বিক্ৰী হৈছে বুলি মন্তব্য কৰিছে বিক্ৰেতাসকলে ।
লগতে পঢ়ক: ভোগালীক আদৰিবলৈ ব্যস্ততাৰ অন্ত নাই ডিব্ৰুগড়বাসীৰ