Bhogali Bihu 2023 : ধেমাজিত ভোগালীৰ উৰুকাৰ ব্যাপক প্ৰস্তুতি - preparation for Uruka
🎬 Watch Now: Feature Video
পদূলিমুখত ভোগৰ উৎসৱ হেঁপাহৰ ভোগালী বিহু (Bhogali Bihu 2023) ৷ ৰাজ্যৰ লগতে ধেমাজিবাসীও এতিয়া ব্যস্ত মাঘৰ উৰুকাক লৈ (preparation for Uruka) ৷ লগে-ভাগে এসাঁজ তৃপ্তিৰে খাবৰ বাবে সাজু ধেমাজিবাসী (Bhogali Bihu preparation in Dhemaji) ৷ ব্যতিক্ৰম নহয় থলুৱা মীন ব্যৱসায়ীসকলো ৷
ৰাইজক কম দামত মাছ যোগানৰ বাবে সাজু হৈছে থলুৱা মীন ব্যৱসায়ী ৷ কুইণ্টলে কুইণ্টলে ৰৌ, চিতল, বাহু, মিৰিকা ইত্যাদি মাছ নিজৰ বৃহৎ পুখুৰীত পালন কৰি উৰুকাৰ বাবে সাজু কৰিছে এইগৰাকী থলুৱা মীন পালক প্ৰকাশ সন্দিকৈয়ে ৷ লগতে এইগৰাকী মীন পালককে ধৰি ধেমাজিৰ বহু মীন পালকে উৰুকাৰ প্ৰতি লক্ষ্য ৰাখি কম দামতে মাছ বিক্ৰীৰ ব্যৱস্থা কৰিছে ৷
ফলত শুকুৰবাৰে পুৱাৰে পৰা সঁহাৰি পাইছে স্থানীয় বহু গ্ৰাহকৰ ৷ মাছ ক্ৰয়ৰ বাবে উপস্থিত হৈছে বহু ৰাইজ ৷ মুঠৰ ওপৰত এতিয়া ধেমাজিৰ সৰ্বত্ৰে চলিছে উৰুকাক লৈ ব্যাপক প্ৰস্তুতি ৷ ভোগৰ উৎসৱ মাঘ বিহু বা ভোগালী বিহুক আদৰাৰ পূৰ্ণ প্ৰস্তুতি ধেমাজিবাসীৰ ৷