উৰুকাৰ পুৱাতেই নগাঁৱত মীন বিভাগৰ উদ্যোগত সুলভ মূল্যত মাছৰ বজাৰ - Bhogali Bihu
🎬 Watch Now: Feature Video


Published : Jan 14, 2024, 5:14 PM IST
নগাঁও, 14 জানুৱাৰী : আজি উৰুকা । উদুলি-মুদুলি হৈ পৰিছে ৰাজ্যৰ চৌদিশ । পুৱাৰ পৰা মাছৰ বজাৰতো গ্ৰাহকৰ ব্য়াপক ভিৰ । গুৱাহাটীৰ বজাৰত যদি 40 কিঃগ্ৰা ওজনৰ চিতলৰ লগতে ভকুৱা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত 20, 15 কিঃগ্ৰাম ওজনৰ ৰৌ, বৰালি ওলাইছে ৷ আনহাতে উকৰুকাৰ নিশা পৰিয়ালৰ সৈতে এসাঁজ তৃপ্তিৰে খোৱাৰ বাবে গ্ৰাহকে ক্ৰয় কৰিছে মাছ ৷
ইফালে পুৱাৰ ভাগতে নগাঁও মীন বিভাগৰ উদ্যোগত হোৱা সুলভ মূল্যৰ মাছৰ বজাৰতো গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷ ৰৌ, বৰালি, চিতলৰ লগতে কাৱৈ, শ’ল-শালো বজাৰখনত উপলব্ধ হৈছে ৷ ইফালে উৰুকাৰ নিশা বন্ধু বৰ্গৰ লগতে পৰিয়ালৰ সৈতে একেলগে এসাঁজ খোৱাৰ উদ্দেশ্যেৰে এজন গ্ৰাহকে 6 কিঃগ্ৰাম ওজনৰ বৰালি মাছ ক্ৰয় কৰে সূলভ মূল্যৰ বজাৰখনৰ পৰা ৷ মুঠ ওপৰত সূলভ মূল্যৰ মাছৰ বজাৰখনত পুৱাৰে পৰা গ্ৰাহৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : পথাৰ এৰি ৰাজপথত ব্যতিক্ৰমী ৰূপত ভেলা ঘৰ