Bhabesh Kalita: নৱ নিযুক্ত অসম বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছাক শুভেচ্ছা ভৱেশ কলিতাৰ

By

Published : Jul 29, 2023, 7:23 PM IST

thumbnail

গুৱাহাটী, ২৯ জুলাই: আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীত ব্যাপক ৰদবদল ৷ অসম বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব দিয়া হৈছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক ৷ আনহাতে, পূৰ্বে অসম প্ৰদেশ বিজেপিৰ মুখ্য সাংগঠনিক সাধাৰণ সম্পাদক পদত থকা ফণীন্দ্ৰ নাথ শৰ্মাক দায়িত্ব দিয়া হৈছে হাৰিয়ানা বিজেপিৰ ৷  

কামাখ্যা প্ৰসাদ তাছাক শুভেচ্ছা জ্ঞাপন ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ লগতে বিজেপিৰ কৰ্মকৰ্তা সকলেও এই সিদ্ধান্তক লৈ সুখী তথা উৎসাহী ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত ৰদ-বদল কৰি গঠন কৰা শক্তিশালী সমিতিৰ জৰিয়তে ৰাষ্ট্ৰীয় সভাপতিৰ নেতৃত্বত ২০২৪ নিৰ্বাচনত তৃতীয়বাৰলৈ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ’ব বুলি দাবী কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷  

উল্লেখ্য যে অসমৰ নতুন সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে জি. আৰ. ৰবীন্দ্ৰ ৰাজুক ৷ পৰৱৰ্তী সময়ত জি. আৰ. ৰবীন্দ্ৰ ৰাজুৰ সৈতে একেলগে কাম কৰি যাম বুলি মন্তব্য কৰে ভৱেশ কলিতাই ।

লগতে পঢ়ক: Syndicate in Assam: বিজেপিৰ সভাপতি ভৱেশ‌ কলিতাক অসমৰ ছিণ্ডিকেটৰ মহানায়ক আখ্যা কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.