Bhavesh Kalita on Manipur violence; মণিপুৰৰ মই একো নহয়, মণিপুৰ নহয় ৰঙিয়াৰ কথা সোধক : ভৱেশ কলিতা - চৰকাৰে লোণ লৈছে

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 11, 2023, 12:02 PM IST

ৰঙিয়া, 11 মে’ : ‘‘মণিপুৰৰ মই একো নহয় । আপুনি মণিপুৰৰ কথা একো নুশুধিব । মণিপুৰত সুধিব ‌। মণিপুৰ মোৰ মেটাৰ নহয় । মই ৰঙিয়া সমষ্টিৰ বিধায়ক আৰু বিজেপিৰ ৰাজ্যিক সভাপতিহে ।’’ বুধবাৰে ৰঙিয়াত আয়োজিত এক সভাত উপস্থিত হৈ মণিপুৰৰ শেহতীয়া ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Bhavesh Kalita reacts on Manipur violence) ৷

ইয়াৰ উপৰিও ঋণ লৈ চৰকাৰ চলোৱা বুলি বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে (Bhavesh Kalita comment on Assam Govt lone)৷ তেওঁ কয়, ‘‘ঋণ কোনে লয় ? যিয়ে ঋণ দিব পাৰে । বিজেপিক দেউলীয়া বুলিটো ঘোষণা কৰা নাই । এইখন চৰকাৰে ঋণ লৈছে আৰু ঋণ উভতাই দিবলৈ সক্ষম হৈছে । যাৰবাবে চৰকাৰৰ চিবিল (cibil) যথেষ্ট ভাল । ফলত এইখন চৰকাৰক ঋণ দিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ফান্দিং এজেঞ্চি বিলাকে’’ (Bhavesh Kalita criticized Congress) ৷

তেওঁ লগতে কয়, ‘‘যাৰ চিবিল ভাল তাকহে ঋণ দিয়ে । চৰকাৰৰ চিবিল ভাল বাবে ঋণ পাবলৈ সক্ষম হৈছে । হয়তো বিৰোধীয়ে ঋণ পাবলৈ সক্ষম হ’লে হাজাৰ হাজাৰ কোটি টকা পকেটত ভৰাই লৈ গ’ল হয়’’ ৷

লগতে পঢ়ক : Jonai police firing : লিকাবালি-মিলনপুৰত অসম আৰক্ষীৰ গুলীচালনা; আহত এটা চোৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.