DGP Bhaskarjyoti Mahanta farewell: দেৰগাঁৱত ভাস্কৰজ্যোতি মহন্তৰ বিদায় অনুষ্ঠান - দেৰগাঁৱত ভাস্কৰজ্যোতি মহন্তৰ বিদায় অনুষ্ঠান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 29, 2023, 4:33 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

দেৰগাঁও,২৯ জানুৱাৰী: ৩১ জানুৱাৰীত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিব ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই(DGP Bhaskarjyoti Mahanta retirement) । অৱসৰৰ প্ৰাকক্ষণত দেওবাৰে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় শীৰ্ষ বিষয়া গৰাকীৰ বিশেষ বিদায় সম্বৰ্ধনা অনুষ্ঠান(Bhaskarjyoti Mahanta farewell ceremony in Dergaon) । আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সকলো জ্যেষ্ঠ বিষয়া আৰু জোৱানসকলে অংশগ্ৰহণ কৰা এই অনুষ্ঠানলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক বিশেষ সন্মান প্ৰদৰ্শন কৰি আদৰি অনা হয় । 

অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পাছত আৰক্ষী জোৱানসকলে ডিজিপিগৰাকীক বিশেষ ফেয়াৰৱেল পেৰেডেৰে অভিবাদন জনায় । ডিজিপিগৰাকীয়ে অভিবাদন গ্ৰহণ কৰাৰ পাছত তেওঁৰ চাকৰি জীৱনৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ মন্তব্য কৰি জোৱানসকলক উৎসাহিত কৰে । সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই তেওঁৰ ভাষণত অসম আৰক্ষীৰ বাবে কৰা সেৱা আৰু তেখেতৰ ব্যক্তিগত অনুভৱৰ বিষয়ে উল্লেখ কৰে । এই অনুষ্ঠানতে অসম আৰক্ষীৰ একাংশ জোৱানে অতি আকৰ্ষণীয় দুঃসাহসিক ক্ৰিয়া প্ৰদৰ্শন কৰি ডিজিপিৰ দৃষ্টি আকৰ্ষণ কৰে । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে তেওঁলোকৰ এই কাৰ্যৰ শলাগ লয় । 

উল্লেখ্য যে শনিবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণৰ চৰকাৰী এক অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই জি পি সিং অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ'ব বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছিল (Assam CM announced the name of next DGP) । মুখ্যমন্ত্রীৰ ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ গৃহ বিভাগে ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্রধান হিচাপে আই পি এছ বিষয়া জ্ঞানেন্দ্র প্রতাপ সিঙক নিযুক্তি দিয়ে । দায়িত্বভাৰ গ্ৰহণ কৰা নাই যদিও নিযুক্তি লাভৰ পাছতে দেওবাৰে সামাজিক মাধ্যম যোগে জি পি সিঙে অসম আৰক্ষীৰ নেতৃত্ব আৰু কৰ্মীলৈ বিশেষ অনুৰোধ জনায় (Newly appointed DGP G P Singh urges police)। 

গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাই শনিবাৰেই এক নির্দেশনা যোগে আইন শৃংখলাৰ বিশেষ সঞ্চালক প্রধান জি পি সিঙক পহিলা ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী ডিজিপি হিচাপে পদোন্নতি তথা নিযুক্তি প্রদান কৰে । 

লগতে পঢ়ক: Gunasindhu Hazarika passes away: গুণসিন্ধু হাজৰিকাৰ বিয়োগত গভীৰ শোক প্ৰকাশ মন্ত্ৰী বিমল বড়াৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.