Bhauna performed : কলিয়াবৰত শিশুৰ অভিনয়ে মুহিলে দৰ্শকক - Bhaona performed by Children
🎬 Watch Now: Feature Video
Published : Oct 29, 2023, 10:56 AM IST
কলিয়াবৰ,২৯ অক্টোবৰ : কলিয়াবৰৰ শ্ৰীশ্ৰীসৌভাগ্য মাধৱ দেৱালয়তো শনিবাৰে উদযাপন কৰা হয় শ্ৰীশ্ৰীলক্ষ্মী পূজা । লক্ষ্মী পূজা উপলক্ষে শিশুসকলৰ দ্বাৰা প্ৰদৰ্শিত হয় পৰশুৰামৰ মাতৃহত্যা ভাওনা । শিশুসকলৰ অভিনয়ে আপ্লুত কৰে সকলোকে । নতুন প্ৰজন্মৰ শিশুসকলৰ হাততেই যে দেশৰ সাংস্কৃতিক ভাৱিষ্যত সুৰক্ষিত সেই কথা পুনৰ প্ৰমাণ কৰিলে ভাওনাখনত অভিনয় কৰা শিশুকেইটিয়ে ।
আনহাতে, দিনৰ ভাগত অসম ভিত্তিত অনুষ্ঠিত হয় শ্ৰীকৃষ্ণৰ নৃত্য প্ৰতিযোগিতা । দিনজোৰা কাৰ্যসূচীৰে পুৱাৰে পৰা পালন কৰা অনুষ্ঠানত ঊষা কীৰ্তন, নাম-প্ৰসংগৰ লগতে শ্ৰীশ্ৰীসৌভাগ্য মাধৱ দেৱালয়ত শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ চৰণত এপাহি পুষ্পাঞ্জলি দিবলৈ লোকাৰণ্য হৈ পৰে ।
উল্লেখযোগ্য যে, শ্ৰীশ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ১৪৪৬ শকত আহোম স্বৰ্গদেউ শিৱ সিংহৰ ৰাজত্ব কালত প্ৰতিষ্ঠিত শ্ৰীশ্ৰী সৌভাগ্য মাধৱ দেৱালয় । এই দেৱালয় ঐতিহ্যমণ্ডিত কলিয়াবৰৰ অন্যতম ইতিহাস প্ৰসিদ্ধ সমল । এই দেৱালয়ত পূৰ্বৰে পৰা শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আৰু শ্ৰীকৃষ্ণৰ দৌল উৎসৱ আড়ম্বৰপূৰ্ণভাৱে পালন কৰি আহিছে ।
লগতে পঢ়ক: Rass Leela in Majuli : শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰত সম্পন্ন ৰাসৰ নাটমেলা অনুষ্ঠান