Pratah Prasanga at Namghar: একান্ত ভকতসৱে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত; টীয়কত গোপিনীৰ প্ৰাতঃ প্ৰসংগ - গাঁৱত পুৱাৰ প্ৰসংগ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 7:15 AM IST

Updated : Aug 31, 2023, 8:58 AM IST

টীয়ক, 31 আগষ্ট : এতিয়া পবিত্ৰ ভাদমাহ । অসমৰ প্ৰতিখন সত্ৰ, নামঘৰত দিনে নিশাই চলিছে ঈশ্বৰ ভকতি তথা মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টিৰাজিৰ চৰ্চা । টীয়কৰ সোণাৰী গাঁৱৰ নামঘৰটো দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী পৰিৱেশ ৷ আন দিনাৰ দৰে বৃহস্পতিবাৰে পুৱাও পবিত্ৰ ভাদমাহ উপলক্ষে পুৱাৰ প্ৰসংগত ব্যস্ত হৈ পৰিছে গোপিনীসকল ।

জানিব পৰা মতে, অতীজৰে পৰা এই গাঁৱত পুৱাৰ প্ৰসংগ হিচাপে গোপিনীসকলৰ নাম-প্ৰসংগ পৰিৱেশনৰ এক পৰম্পৰা আছে ৷ যি পৰম্পৰা আজিও গাঁৱৰ মহিলাসকলে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে । পুৱাৰ প্ৰথম প্ৰহৰত অৰ্থাৎ চাৰি বজাতে সকলো গোপিনীয়ে সাত্বিকতা অৱলম্বন কৰি হৰিৰ নাম চৰ্চাত ব্যস্ত হৈ পৰিছে । নামঘৰত এগচি বন্তি জ্বলাই নাম লৈ এক সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ গঢ় দিছে ।

উল্লেখযোগ্য যে, এসময়ত শাহু, আইতা বা জ্যেষ্ঠজনে দেখুৱাই যোৱা পৰম্পৰা ঐতিহ্য আজিৰ এই ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে গাঁৱৰ জীয়াৰী-বোৱাৰীয়ে ধৰি ৰাখি আদৰ্শ প্ৰদৰ্শন কৰিছে ৷ এয়া অনাদি অনন্ত কাললৈ এইদৰে চলাই নিয়াৰ সংকল্প লৈছে গাঁৱৰ গোপিনীসকলে ৷ লগতে সম্পূৰ্ণ ভাদ মাহটো এই পুৱাৰ প্ৰসংগ কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে গাঁৱৰ এগৰাকী মহিলাই ।

লগতে পঢ়ক : Dhekiakhowa Bornaamghar: ভাদ মাহৰ দ্বিতীয়টো দেওবাৰত ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ

Last Updated : Aug 31, 2023, 8:58 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.