Flood in Sonitpur: বেলশিৰি নৈৰ বাঢ়নী পানীয়ে খহাই নিলে মূলপথ - Road disconnect in Sonitpur
🎬 Watch Now: Feature Video

ৰাজ্যজুৰি অব্যাহত আছে বানৰ বিভীষিকা ৷ শোণিতপুৰ জিলাৰ মিছামাৰীৰ বেলশিৰি নৈৰ বাঢ়নী পানীয়ে খহাই নিলে মিছমাৰী-বেলশিৰী-ঢেকীয়াজুলি সংযোগী মূলপথ (Belshiri river drains main road)৷ পথছোৱা খহাই নিয়াৰ ফলত অঞ্চলটোত বৰ্তমান যোগাযোগ বিছিন্ন হৈ পৰিছে (Road disconnect in Sonitpur) ৷ উক্ত পথচোৱাত যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, উক্ত পথটিৰে কেইবাখনো গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে মিছামাৰীলৈ অহা-যোৱা কৰাৰ লগতে বেলশিৰি চাহ বাগিচাৰ মাজেৰে গড়মৰা হৈ ঢেকীয়াজুলি চহৰলৈ অহা-যোৱা কৰে ৷
Last Updated : Feb 3, 2023, 8:24 PM IST