Basanti Puja at Bongaigaon : আনন্দময় ধামত চলি আছে অষ্টমী মেলা আৰু বাসন্তী পূজা - Anandamoy Dham on the banks of river Manah
🎬 Watch Now: Feature Video
বঙাইগাওঁ ,৩০ মাৰ্চ: বঙাইগাওঁ জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ১ ধুপুৰী মানাহ নদীৰ পাৰত পাঁচ দিনীয়া কাৰ্যসীচীৰে আৰম্ভ হৈছে অষ্টমী মেলা আৰু বাসন্তী পূজা (Basanti Puja at Manikpur)। হিন্দু ধৰ্মত অস্থি বিসৰ্জ্জন দি শ্ৰাদ্ধ কৰি গংগাত স্নান কৰিলে বিগত দিনৰ পাপ বিনাশ হয় বুলি এক বিশ্বাস আছে । পূৰ্বৰে পৰা এই পৰম্পৰাৰে চলি আহিছে আনন্দময় ধামৰ মেলা (Astami mela at Anandamoy Dham in Manikpur)। এই ধামত প্ৰত্যেক বছৰে অষ্টমী মেলা আৰু বাসন্তী পূজাৰ আয়োজন কৰা হয় । ২৯ মাৰ্চত পুৱা গংগা পূজাৰ পৰা আৰম্ভ হৈ ২ এপ্ৰিলত অন্ত পৰিব কাৰ্যসূচীৰ ।
মানাহ নদীৰ পাৰত অৱস্থিত আনন্দময় ধাম স্থাপিত হৈছিল ১৯৫১ চনত (Anandamoy Dham on banks of river Manas)। বুধবাৰে ৭১ সংখ্যক বৰ্ষত পদাৰ্পণ কৰিছে এই আনন্দময় ধামে । এই ধাম অতীতৰে পৰা জাগ্ৰত ধাম বুলি জনাজাত হৈ আহিছে । নামনি অসমৰ ভিতৰত এক উল্লেখযোগ্য ধাম হৈছে ১ নং ধুপুৰী আনন্দময় ধাম । অসমৰ লগতে চুবুৰীয়া পশ্চিম বংগৰ পৰাও ভক্তই আত্মীয়ৰ পিণ্ড দাহন কৰিবলৈ আহি ইয়াত উপস্থিত হয় । হাজাৰ হাজাৰ পৰিয়ালে শ্ৰাদ্ধ কৰে এই মানাহ নদীৰ পাৰত ।
লগতে পঢ়ক:Poor road condition: উন্নয়নৰ ফোঁপোলা স্বৰূপ, বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে সমষ্টিবাসীৰ ক্ষোভ